প্ৰতীকি ফটো
প্ৰতীকি ফটো

অখিল গগৈসহ সকলো ‘কা’ বিৰোধী কাৰাবন্দীক মুক্তিৰ দাবীত কয়াকুছিত চিপিআইএমৰ প্ৰতিবাদী মিছিল…

ডিজিটেল সংবাদ, বৰপেটাঃ অখিল গগৈসহ সকলো 'কা' বিৰোধী কাৰাবন্দীক মুক্তিৰ দাবীত কয়াকুছিত চিপিআই এমৰ প্ৰতিবাদী মিছিল অনুষ্ঠিত কৰে চিপিআই এমৰ কয়াকুছি আঞ্চলিক সমিতিয়ে । শুকুৰবাৰে চিপিআই এমৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে ৰাজ্যজোৰা গণ আন্দোলনৰ বাবে চৰকাৰৰ বিৰুদ্ধে বিক্ষোদ্গাৰ প্ৰকাশৰ সৈতে অখিল গগৈ¸ দেবাংগ কলিতা¸ বিতু সোণোৱাল¸ ধৈৰ্য্য কোঁৱৰসহ সকলো 'কা' বিৰোধী কাৰাবন্দীক সুচিকিৎসা প্ৰদান আৰু বিনাচৰ্তে মুক্তিৰ দাবীত এই আন্দোলন অনুষ্ঠিত কৰে চিপিআইএমৰ কয়াকুছি আঞ্চলিক সমিতিৰ কৰ্মী আৰু শুভাকাংশীসকলে ।

হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড আৰু চিপিআই এমৰ ৰক্তৰঙা পতাকাৰ সৈতে উদ্যোক্তাসকলে কয়াকুছিতস্থিত চিপিআই এমৰ কাৰ্যালয়ৰ পৰা মিছিল কৰি আহি কয়াকুছি বজাৰ তিনিআলিত প্ৰতিবাদ স্বাব্যস্ত কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে¸ চিপিআই এমৰ কয়াকুছি আঞ্চলিকৰ সম্পাদক পিয়াৰুল ইছলাম আহমেদে ।

কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কয়াকুছি আঞ্চলিক সমিতিৰ সম্পাদক হাছেন আলী ¸ কৃষক নেতা তথা নিখিল ভাৰত কৃষক সভাৰ কয়াকুছি আঞ্চলিক সমিতিৰ সভাপতি জয়নাল আবেদিন ¸নিখিল ভাকত কৃষক সভাৰ কয়াকুছি আঞ্চলিকৰ যুটীয়া সহকাৰী সম্পাদক ছলিম উদ্দিন আৰু তাহেৰ আলী ¸ কৃষক নেতা আফাজ উদ্দিন আহমেদ আৰু মনিৰ উদ্দিন আহমেদ¸ মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ 'মাছ'ৰ বৰপেটা জিলা সমিতিৰ সচিব ছাহেদ আলী আহমেদকে আদি কৰি বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকি সহযোগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in