CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ…

CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ…

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ সৰুপথাৰত আজি ভাৰতৰ কমিউনিষ্ট পাৰ্টি(মা) ধনশিৰি আৰু উৰিয়ামঘাট আঞ্চলিক কমিটিৰ আহ্বান মৰ্মে প্ৰায় দুইশতাধিক পাৰ্টিৰ সদস্য আৰু সমৰ্থকে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে গভীৰ উদ্বিগ্নতাৰে কয় যে শাসনাধিষ্ঠিত চৰকাৰৰ জনবিৰোধী নীতি আৰু চৰম ব্যৰ্থতাৰ বাবে দেশৰ গৰিষ্ঠ সংখ্যক মানুহ চৰম দুৰ্দশাৰ কবলত পৰিছে।

বিশেষকৈ খাদ্য সামগ্ৰীকে ধৰি ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ভয়ংকৰ মূল্যবৃদ্ধি ফলত দুখীয়া আৰু সীমিত আয়ৰ পৰিয়ালবোৰৰ বাবে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীখিনি যোগাৰ কৰাটোৱে অসম্ভৱ হৈ পৰিছে।প্ৰেট্ৰ'ল,ডিজেলৰ অবিৰত মূল্যবৃদ্ধিয়ে পৰিবনহৰ খৰচ সাংঘাটিক ধৰণে বৃদ্ধি পাইছে আৰু তাৰ প্ৰভাৱ সমাজৰ সকলো ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে‌।

চৰকাৰী পৰিসংখ্যাৰ মতেই এতিয়া মুদ্ৰাস্ফীতিৰ হাৰ যোৱা ৩০ বছৰৰ ভিতৰত সৰ্বাধিক হৈছে বুলিও জানিবলৈ দিয়ে।দেশত নিৱনুৱা সমস্যাই ভয়ঙ্কৰ ৰূপ লৈছে, বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰখনৰ এইবোৰৰ প্ৰতি কোনো অনুকম্পা নাই, বৰঞ্চ শোষিত-নিষ্পেষিত জনৰ বিপ্লৱী চেতনাৰ পৰা ৰক্ষা পাবলৈ হিতাধিকাৰী সৃষ্টি কৰি তোষামোদৰ ৰাজনীতি কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে।

অন্যহাতে যোৱা সময়চোৱাত মহকুমাটোৰ সম্পূৰ্ণ ৰূপে খৰাঙত বিধস্ত হৈ পৰে আৰু চৰকাৰে খৰাংপীড়িত অঞ্চল বুলি ঘোষণা কৰি ক্ষতিগ্ৰস্ত কৃষকক পোন্ধৰ দিনৰ ভিতৰত সাহাৰ্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল‍।‌পৰিতাপৰ কথা যে, প্ৰতিশ্ৰুতিৰ দীৰ্ঘদিন উকলি যোৱাৰ পিছতো খৰাঙত ক্ষতিগ্ৰস্ত কৃষকে তেওঁলোকৰ প্ৰাপ্য পাবলৈ সক্ষম নহ'ল।

এই বছৰো মহকুমাটোৰ কৃষকৰ বাবে বতৰ অনুকূল নহয়।দুয়োখন আঞ্চলিকৰ যৌথ উদ্যোগত আৰু ৰাজ্যিক কমিটিৰ আহ্বনত মাহজোৰা গণস্বাক্ষৰ সংগ্ৰহ আৰু ধনশিৰিৰ খৰাঙত ক্ষতিগ্ৰস্ত সকলো খেতিয়কক অতি শীঘ্ৰে ক্ষতিপূৰণ আদায় দিয়ক।ধনশিৰিত বছৰি হোৱা খৰাঙৰ প্ৰতি লক্ষ্য ৰাখি গভীৰ নলী-নাদৰ ব্যৱস্থা কৰক আৰু দৈয়াং,ধনশিৰি,ৰেংমা নদীক কেন্দ্ৰ কৰি বিজ্ঞানসন্মত জলসিঞ্চনৰ ব্যৱস্থা কৰক, এই স্থানীয় দুটা দাবীসহ মুঠ নদফীয়া স্মাৰক পত্ৰ প্ৰেৰণ সহিতে এক প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন কৰে।

ইপিনে প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে যে, ইয়াৰে উৰিয়ামঘাট সীমান্তৱৰ্তী এলেকাৰ এ বি চি চেক্টৰক সা‌ঙোৰি ২০১১ চনতে ৰেংমা নদীৰ ওপৰত এটা বহুকোটি টকাৰ ব্যয়সাপেক্ষে বান্ধৰ কাম আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল বুলি আক্ষেপ প্ৰকাশ কৰে। বৰ্তমান গোলাঘাটত ১৪৪ ধাৰা অব্যাহত থকাৰ মাজতে আন্দোলনকাৰী সকলে শান্তি শৃংখলা বজাই বজাই ৰাখি মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

আন্দোলনত উপস্থিত থাকে পাৰ্টিৰ জিলা সম্পাদক মণ্ডলীৰ সদস্য ক্ৰমে গোবিন্দ সিনহা, জীতেন ৰাভা,ধনশিৰি আঞ্চলিক কমিটিৰ সম্পাদ্বয় আৰু অঞ্চলটোৰ বৰষীয়ান নেতা সুৰেন গগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in