চিপিআই (এমএল) লিবাৰেচনৰ দলংঘাট ব্ল’ক সমিতিৰ উদ্যোগত কমৰেড চাৰু মজুমদাৰৰ ৪৯ সংখ্যক শ্বহীদ দিৱস পালন…

চিপিআই (এমএল) লিবাৰেচনৰ দলংঘাট ব্ল’ক সমিতিৰ উদ্যোগত কমৰেড চাৰু মজুমদাৰৰ ৪৯ সংখ্যক শ্বহীদ দিৱস পালন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ চিপিআই (এমএল) লিবাৰেচনৰ দলংঘাট ব্লক সমিতিৰ উদ্যোগত বুধবাৰে চিপিআই (এমএল)ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক কমৰেড চাৰু মজুমদাৰৰ ৪৯ সংখ্যক ছহিদ বাৰ্ষিকী বটদ্ৰৱা সমষ্টিৰ চমুৱা গাওঁ শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত অনুষ্ঠিত হয়। কমৰেড পৰী কুমাৰী বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত সভাত ছহিদ বাৰ্ষিকী উপলক্ষে চি পি আই (এম এল) লিবাৰেচনৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰেৰণ কৰা "ফেচিষ্ট মোডী-শ্বাহ জমানাৰ বিৰুদ্ধে গণআন্দোলনৰ সবাতোকৈ নিৰ্ণায়ক পৰ্যায়ৰ বাবে প্ৰস্তুত হওক" শীৰ্ষক আহ্বান পত্ৰ আলোচনা কৰা হয়।

উক্ত অনুষ্ঠানত চিপিআই (এমএল)ৰ অন্যতম নেতা তথা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয় যে "ভাৰত ৰাষ্ট্ৰই পুনৰ কুখ্যাত জৰুৰী অৱস্থাৰ সময়ৰ দিশে আগবাঢ়িছে । দমনমূলক ঘটনা প্ৰবাহলৈ উভতি গৈ ঔপনিৱেশিক যুগৰ বৰ্বৰ দমনৰ পথ অৱলম্বন কৰিছে। দমন-অত্যাচাৰ ইমানেই স্পষ্ট যে ন্যায়ালয়েও মোদী শাসনক সোঁৱৰাই দিবলগীয়া হৈছে যে যধেমধে কৰা অত্যাচাৰ গণতন্ত্ৰৰ সাংবিধানিক গাঁথনিৰ সৈতে একেবাৰে খাপ নাখায়। স্বাধীনতাৰ সত্তৰ বছৰৰ পাছতো ঔপনিৱেশিক যুগৰ ইএপিএ আইনৰ প্ৰয়োজন কিয় বুলি উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছে । নাগৰিকত্ব সংশোধনী আইন, ধ্বংসাত্মক কৃষি আইন বাতিল, শ্ৰমিকৰ অধিকাৰ হননকাৰী শ্ৰম সংহিতা বাতিল, সংস্থাপন সৃষ্টি কৰা, মজুৰি বৃদ্ধি আদি দাবী সমূহ আজি গণতান্ত্ৰিক কৰ্মসূচীৰ মূল বিষয় হৈ পৰিছে। মোডী চৰকাৰে এফালে মন্ত্ৰীসভাৰ বৃহৎ সালসলনিৰে নতুন আইন প্ৰণয়নৰ বাবে শীতকালীন অধিৱেশনৰ প্ৰস্তুতি লৈছে আৰু আনফালে পেগাছাছ কাণ্ডৰ জৰিয়তে নাগৰিকৰ "ব্যক্তি গোপনীয়তা"- ৰ ওপৰত নজৰদাৰি চলাই দেশখনক গণতন্ত্ৰৰ বধ্যভূমি লৈ ৰূপান্তৰিত কৰিব খুজিছে। এনে পৰিস্থিতিত পাৰ্টিৰ ছহিদ কমৰেড চাৰু মজুমদাৰৰ শেষ বক্তব্য "জনগণৰ স্বাৰ্থই পাৰ্টিৰ স্বাৰ্থ‌‌‌ " আৰু তাৰ বাবে মহন্তই অনুষ্ঠানত অংশগ্ৰহণ কাৰি সকলকে সংকল্পবদ্ধ হবলৈ আহ্বান জনায়।

অনুষ্ঠানত অংশ গ্ৰহণ কৰি শ্বাস ৰঞ্জকে কয় যে "আমি সকলো নেওচি মোডী -২ জমানা আৰু কোভিড -২ পৰ্যায়ৰ সকলো প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বাহিৰে গত্যন্তৰ নাই।" যুৱ নেতা মোস্তাফা ছালিম আহমেদে কাৰ্যসূচীত অংশলৈ গ্ৰামীণ শ্ৰমজীৱি ৰাইজক তেওঁ লোকৰ জীৱন জীৱিকাৰ সংগ্রামত সংগঠিত কৰাৰ লগতে ৰজনৈতিক সংগ্রামৰ এৰাব নোৱাৰা অংশ হিচাবে শিক্ষিত কৰি তুলিবলৈ আহ্বান জনাই। সভাত দলৰ দলংঘাট ব্লক সমিতিৰ সম্পাদক মাধৱ চন্দ্ৰ বৰা, জালাল উদ্দিন আহমেদ, মফিদূৰ ৰহমান, গ্ৰামীণ শ্ৰমিক সন্থাৰ নেতা স্বপন হাজৰীকা, মহিলা নেত্ৰী আয়েফা বেগম আৰু জনসাংস্কৃতিক কৰ্মী তথা কুজিডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মৃদু পৱন বৰাই অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in