মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা মাত্ৰ প্ৰায় চাৰি কিলোমিটাৰ নিলগত থকা আছামেৰ আলগা বিএছএফ কেম্প এলেকাৰ কাঁইটীয়া তাঁৰৰ বেৰৰ কাষত শুকুৰবাৰে পুৱতি নিশা বিএছএফৰ গুলীত এজন গৰু সৰবৰাহকাৰী নিহত হোৱা ঘটনাই সীমান্তত তীব্ৰ উত্তেজনাময় পৰিবেশৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা থানা এলেকাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্ততৰ আছামেৰ আলগা বিএছএফ কেম্প এলেকাৰ ১০৫২-২এছএছ নম্বৰ সীমান্ত খুঁটিৰ ওচৰত সংঘটিত হয় এই ঘটনা। আৰক্ষী সুত্ৰে প্ৰকাশ কৰা মতে জিলাখনৰ সুখচৰ থানা এলেকাৰ চৰকাশাৰীপাৰা-শান্তিপুৰ গাঁৱৰ মঞ্ছৱ ভূঞাৰ পুত্ৰ আব্দুল ছবুৰ (২৫) নামৰ গৰু সৰবৰাহকাৰীজনে নদী সীমান্তয়েদি বাংলাদেশলৈ গৰু চালান কৰি ঘৰলৈ উভতাৰ পথত কাঁইটীয়া তাঁৰৰ বেৰৰ সীমান্তৰ কাষত উপস্থিত হয়।

বাংলাদেশৰ ফালৰ পৰা হাতত দা আৰু কাঁইটীয়া তাঁৰৰ বেৰ কটা যন্ত্ৰৰে সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ কাটি ভাৰতলৈ প্ৰৱেশ কৰাৰ চেষ্টা চলায় আব্দুল ছবুৰে। পুৱতি নিশা প্ৰায় ৪ বজাত এইদৰে সৰবাৰাহকাৰীজনে কাঁইটীয়া তাঁৰৰ বেৰ কাটি থকা অৱস্থাত সীমান্তত পহৰা দি থকা তহলদাৰী জোৱানে প্ৰত্যক্ষ কৰি বাৰে বাৰে খেদিবলৈ চেষ্টা কৰে যদিও বিএছএফক কেৰেপ নকৰি বাংলাদেশৰ ফালৰ পৰা কাঁইটীয়া তাঁৰৰ বেৰ কাটিবলৈ ধৰে। ফলত বিএছএফে শুন্যলৈ গুলী চালনা কৰিবলৈ ধৰে। ইফালে বিএছএফৰ এনে গুলী চালনা দেখি দাৰে বিএছএফক ঘপিয়াবলৈ চেষ্টা চলায়। ফলত বিএছএফে সৰবাৰহকাৰীটোক উদ্দেশ্যি গুলীচালনা কৰাত সৰবৰাহকাৰী জন থিতাতে নিহত হয়।

এই ঘটনাৰ পাছতেই সীমান্ত সুৰক্ষা বাহিনীয়ে জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়াক অৱগত কৰাত আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত খাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীৰ দল এটা পুৱা প্ৰায় ৮ বজাত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতৰ বুজ লয়। জিলা আৰক্ষী প্ৰশাসনৰ পৰা জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুদীপ্ত চৌধুৰী, জিলা প্ৰশাসনৰ ফালৰ পৰা কাৰ্যবাহী দণ্ডাধীশ দীপাঙ্কৰ নাথৰ লগতে বিএছএফৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ কাঁইটীয়া তাঁৰৰ বেৰৰ সিপাৰৰ পৰা মৃতদেহটি উদ্ধাৰ কৰি খাৰুৱাবান্ধা আৰক্ষীৰ হাতত চমজাই দিয়ে। খাৰুাৱবান্ধা আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে কাঁইটীয়া তাঁৰৰ বেৰ কটা যন্ত্ৰ, দা আদি ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে। বিএছএফৰ ফালৰ পৰা ইতিমধ্য এটা গোচৰ ৰজু কৰি গুলী চালনা কৰা ৰাইফল আৰক্ষীক চমজাই দিছে বুলি জানিব পৰা গৈছে।

মন কৰিবলগীয়া যে গৰু সৰবৰাহ কৰি বাংলাদেশৰ ফালৰ পৰা ভাৰতলৈ অহাৰ সময়ত এইদৰে বিএছএফৰ গুলীত নিহত সৰবৰাহকাৰীটো সাধাৰণ যুৱক বুলি স্থানীয় একাংশ লোকে দাবী কৰিছে। ৰাইজে দাবী কৰা মতে গৰুৰ ঘাঁহ কাটিবলৈ এইদৰে সীমান্তত উপস্থিত হোৱাৰ পাছত বিএছএফে ইচ্ছা কৰি পূৰ্বৰ শত্ৰুতাৰ প্ৰতিশোধ নিবলৈ গুলী চালনা কৰি নিৰীহ যুৱক জনক হত্যা কৰে। প্ৰকৃততে যুৱকজন যদি নিৰীহ যুৱক তেন্তে পুৱতি নিশাৰ ভাগত নিজৰ গাঁৱৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত থকা আন্তৰাষ্ট্ৰীয় সীমান্তত কিয় যাৱলগা হল সেয়া অতিকৈ ৰহস্যজনক।

ইফালে আন একাংশই দাবী কৰে যে টকাৰ লালসা চম্বালিব নোৱাৰি গৰু সৰবৰাহ কৰিবলৈ আহি এইদৰে মৃতুমুখত পৰাত পৰিয়ালটো এতিয়া হাহাকাৰত ভূগিবলীয়া হব। প্ৰকৃত ঘটনা কি তাক লৈ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে গৰু সৰবৰাহ কৰি বাংলাদেশৰ পৰা উভতাৰ পথত এইদৰে সৰবৰাহকাৰীটো বিএছএফৰ গুলীত নিহত হোৱা বুলি সাংবাদিকৰ আগত খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জনে দাবী কৰে।

মন কৰিবলগীয়া যে যোৱা ১৫ নবেম্বৰ তাৰিখেও উক্ত স্থানত কানাইমাৰা গাঁৱৰ আশ্ৰাফুল ইছলাম (৩২) নামৰ এজন গৰু সৰবৰাহকাৰী বিএছএফৰ গুলীত নিহত হৈছিল। উক্ত দিনা সৰবৰাহকাৰী চক্ৰ এটাই কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ঢেকীৰ সহযোগত বাংলাদেশলৈ গৰু সৰবৰাহ কৰিবলৈ গৈ বিএছএফে বাধা প্ৰদান কৰাত বিএছএফক আক্ৰমণ কৰিবলৈ ধৰাত বিএছএফে প্ৰত্যুত্তৰত গুলী চালনা কৰিবলগীয়া হোৱাৰ ফলত এজন সৰবৰাহকাৰী নিহত হৈছিল। এনেকি কাঁইটীয়া তাঁৰৰ বেৰ থকা আন্তৰাষ্ট্ৰীয় সীমান্তত দৈনিক এতিয়া বিএছএফে ৰাভাৰ বুলেট ব্যৱহাৰ কৰি হ'লেও গৰু সৰবৰাহকাৰীক নিয়ন্ত্ৰণৰ চেষ্টা চলাই আহিছে যদিও একাংশ দুষ্ট চক্ৰই এতিয়াও গৰু সৰবৰাহৰ দৰে অপৰাধমূলক ঘটনা সীমান্তত অৱ্যাহত ৰখা বুলি বিএছএফ সুত্ৰে প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in