শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

ভাল খবৰঃ ২ বছৰৰ পৰা ১৮ বছৰৰ শিশু, কিশোৰে লাভ কৰিব কোৰোনা ভেকচিন…

ডিজিটেল ডেস্কঃ দেশত অতি শীঘ্ৰে শিশুক প্ৰদান কৰা হ’ব কোৰোনাৰ ভেকচিন। শিশুৰ বাবে নিৰ্মাণ কৰি উলিওৱা কোৰোনাৰ ভেকচিনত অনুমোদন প্ৰদান কৰিছে বিশেষজ্ঞ কমিটীয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়য়ে শিশুসকলৰ বাবে ভাৰত বায়োটেকৰ ভেকছিনৰ অনুমোদন প্ৰদান কৰিছে।

সূত্ৰ অনুসৰি, ভাৰত বায়োটেক ভেকছিন এতিয়া দেশত ২ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুক দিয়া হ’ব। এই সন্দৰ্ভত নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই জাৰী কৰিব।উল্লেখ্য যে বাৰত বায়টেক আৰু আই চি এম আৰে শিশুৰ বাবে একেলগে ভেকছিন তৈয়াৰ কৰিছে।

ভাৰত বায়োটেক হৈছে দেশৰ প্ৰথম কোম্পানী যিয়ে শিশুসকলৰ বাবে ভেকছিনৰ ওপৰত পৰীক্ষণ চলাইছে। দ্বিতীয় পৰ্যায়ৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ পিছত, কোম্পানীটোৱে মন্ত্ৰালয়ৰ সমিতিৰ ওচৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ে কোম্পানীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই ভেকছিনত অনুমোদন জনাইছে। এতিয়া, প্ৰাপ্ত বয়স্কসকলৰ লগতে একে সময়তে শিশুসকলকো কোৰোনাৰ ভেকছিনৰ এটা পালি দিয়া হ’ব।