শেহতীয়া খবৰ
লামডিঙত ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড...  •  ২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ...  •  ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ...  •  ‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী...  •  জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক...  •  সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা...  •  দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ...

২ বছৰৰ পৰা ১৮ বছৰৰ বয়সৰ শিশু, কিশোৰৰ বাবে কোভিড ভেকচিন…

ডিজিটেল ডেস্কঃ দেশত অতি শীঘ্ৰে শিশুক প্ৰদান কৰা হ’ব কোৰোনাৰ ভেকচিন। শিশুৰ বাবে নিৰ্মাণ কৰি উলিওৱা কোৰোনাৰ ভেকচিনত অনুমোদন প্ৰদান কৰিছে বিশেষজ্ঞ কমিটীয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়য়ে শিশুসকলৰ বাবে ভাৰত বায়োটেকৰ ভেকছিনৰ অনুমোদন প্ৰদান কৰিছে।

ভাৰত বায়োটেক ভেকছিন এতিয়া দেশত ২ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুক দিয়া হ’ব। এই সন্দৰ্ভত নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই জাৰী কৰিব।উল্লেখ্য যে বাৰত বায়টেক আৰু আই চি এম আৰে শিশুৰ বাবে একেলগে ভেকছিন তৈয়াৰ কৰিছে।

ভাৰত বায়োটেক হৈছে দেশৰ প্ৰথম কোম্পানী যিয়ে শিশুসকলৰ বাবে ভেকছিনৰ ওপৰত পৰীক্ষণ চলাইছে। দ্বিতীয় পৰ্যায়ৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ পিছত, কোম্পানীটোৱে মন্ত্ৰালয়ৰ সমিতিৰ ওচৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ে কোম্পানীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই ভেকছিনত অনুমোদন জনাইছে। এতিয়া, প্ৰাপ্ত বয়স্কসকলৰ লগতে একে সময়তে শিশুসকলকো কোৰোনাৰ ভেকছিনৰ এটা পালি দিয়া হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি