কোভিড ভেকচিন গ্ৰহণৰ পিছত মৃত্যু হ’ল মণিপুৰৰ এগৰাকী মহিলাৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মণিপুৰত প্ৰথম পৰ্যায়ৰ কোভিড ভেকচিন গ্ৰহণ কৰাৰ পিছত মৃত্যু মুখত পৰে এগৰাকী মহিলা।
  • ৪৮ বছৰীয়া এই মহিলা গৰাকী অংগনবাদী কৰ্মী।
  • ডব্লিউ সুন্দৰী দেৱী নামৰ মহিলা গৰাকী মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ কুম্বী টেৰাখাৰ বাসিন্দা।
  • ১২ ফেব্ৰুৱাৰীত কুম্ভী প্ৰাইমাৰী স্বাস্থ্য কেন্দ্ৰত তেওঁ ভেকচিন গ্ৰহণ কৰিছিল।
  • ১৮ ফেব্ৰুৱাৰীত উশাহজনিত সমস্যাত ভোগাত তেওঁক মৈৰাং জিলাৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়।
  • ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ মতে, পোষ্টমৰ্টেন ৰিপোৰ্টৰ পিছতহে মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হ'ব।
  • বৰ্তমান পৰিয়ালটোৰ কাষত থিয় দিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিং।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in