কোৰোনা সংক্ৰমন চৌদিশে,সমানে চলিছে কোভিড ভেকচিন প্ৰদান অভিযান…

কোৰোনা সংক্ৰমন চৌদিশে,সমানে চলিছে কোভিড ভেকচিন প্ৰদান অভিযান…

ডিজিটেল ডেস্ক : দেশত দ্ৰুতগতিত সংক্ৰম হৈছে কোভিড । কোভিডৰ সংক্ৰমনৰ বাবে যুদ্ধকালিন প্ৰস্তুতিৰে সমগ্ৰ দেশতে ৪৫ উৰ্ধৰ সকলো লোককে প্ৰদান কৰা হৈছে কোভিড ভেকচিন । বৰ্তমানলৈ দেশত ১৩ কোটিতকৈ অধিক লোকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে ।

নেহেৰু ষ্টেডিয়ামত ভেকচিন প্ৰদানৰ কাৰ্যসূচী : ফটো – বিজু বড়ো

ইফালে মহানগৰীৰ নেহেৰু ষ্টেডিয়ামতো পূৰ্ণ গতিত চলিছে ভেকচিন প্ৰদানৰ কাৰ্যসূচী । ৪৫ উৰ্ধৰ সকলো লোককে প্ৰদান কৰা হৈছে কোভিড ভেকচিন । ইপিনে ১ মেৰ পৰা সমগ্ৰ দেশতে ১৮ বছৰৰ উৰ্ধৰ সকলো লোকে কোভিড ভেকচিন প্ৰদান কৰা হ'ব ।

অসমত ১৮ -৪৫ বছৰৰ প্ৰতিগৰাকী লোকক বিনামূলীয়াকৈ কোভিড ভেকচিন প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে ভাৰত বায়োটেকক ১ কোটি কোভিড ভেকচিন অৰ্ডাৰ কৰিছে । এই ক্ষেত্ৰত অসমৰ ৰাইজে আগবঢ়োৱা আৰোগ্য নিধিৰ ধন খৰচ কৰা হ'ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in