কোভিড-১৯ঃ ব্যক্তিগত হাস্পতালত বিনামূলীয়া চিকিৎসা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ দেশত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে। তাৰ মাজতে ৰাজস্থানত লোৱা হৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজস্থান চৰকাৰে মুখ্যমন্ত্ৰী চিৰঞ্জীৱী স্বাস্থ্য বিমান যোঁজনাৰ অধীনত ৰাজ্যবাসীক ব্যক্তিগত হাস্পতালতো বিনামূলীয়াকৈ চিকিৎসা প্ৰদানৰ বাবে নিৰ্দেশ দিছে।

সকলো জিলা কালেক্টৰক ৰাজস্থান ষ্টেট হেলথ এছ'ৰেন্স এজেন্সীৰ মুখ্য কাৰ্যকৰী বিষয়া অৰুণা ৰাজৌৰীয়ে এই নিৰ্দেশ জাৰি কৰিছে।এই নিৰ্দেশ কোনো ব্যক্তিগত হাস্পতালে যদি নামানে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in