কোকৰাঝাৰত কোভিড কেয়াৰ চেন্টাৰৰ পৰা কোৰোনাত আক্ৰান্ত কয়দীৰ পলায়ন…

কোকৰাঝাৰত কোভিড কেয়াৰ চেন্টাৰৰ পৰা কোৰোনাত আক্ৰান্ত কয়দীৰ পলায়ন…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। চিকিৎসালয়ত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰৰ পৰা সুক্ত মুৰ্ম ওৰফে সুক্লা(২৭) নামৰ এজন কোভিড-১৯ পজিটিভ কয়দী চিকিৎসালয়ৰ খিৰিকী ভাঙি পলায়ন কৰিছে।

পলাতক কয়দীটো ধৰ্ষণৰ অপৰাধত কোকৰাঝাৰৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল আৰু কয়দী সুক্ত মুৰ্ম ওৰফে সুক্লা(২৭) কোৰোনাত আক্ৰান্ত হোৱাত যোৱা ২৪ জুলাইত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল যদিও বুধবাৰে চিকিৎসালয়ৰ খিৰিকী ভাঙি পলাই যোৱাত এক হাঁহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ।

পলাতক কয়দী সুক্ত মুৰ্ম ওৰফে সুক্লা(২৭)ৰ বিৰুদ্ধে চিৰাং জিলাৰ ঢালিগাঁও থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬ মৰ্মে ৰজু হোৱা গোচৰ(নং ১১২/২০) অনুসৰি কোকৰাঝাৰ কাৰাগাৰত বন্দী হৈ আছিল আৰু কয়েদীজনৰ ঘৰ চিৰাং জিলাৰ শান্তিপাৰাত বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, বুধবাৰে ৰাতিপুৱা নাৰ্চে এগৰাকীয়ে প্ৰথমে ঘটনাটো প্ৰত্যক্ষ কৰে আৰু তৎমুহূৰ্ততে চিকিৎসালয় কৰ্তৃপক্ষক ঘটনা সন্দৰ্ভত অৱগত কৰায় ।

কোৰোনা আক্ৰান্ত কয়েদী গৰাকীয়ে চিকিৎসালয়ৰ প্ৰথম মহলাৰ খিৰিকী ভাঙি পলায়ন কৰে। কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰত বৰ্তমান কাৰাগাৰত কোভিড-১৯ পজিটিভত আক্ৰান্ত হোৱা কয়দীকে ধৰি ৭১ গৰাকী কোৰোনা আক্ৰান্ত ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰি আছে যদিও সুৰক্ষা ব্যৱস্থাৰ সুৰুঙা লৈ এগৰাকী কোৰোনা আক্ৰান্ত কয়দী চিকিৎসালয়ৰ পিছপিনেৰে পলায়ন কৰে।

সাধাৰণতে চিকিৎসালয়ৰ সন্মুখভাগতহে নিৰাপত্তাৰক্ষী থাকে আৰু তাৰে সুযোগ লৈ কোৰোনা আক্ৰান্ত কয়দীজন পিছপিনেৰে পলাই যায় । ঘটনা সন্দৰ্ভত ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষই জিলা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তক অৱগত কৰিছে আৰু পলায়ন কৰা কয়দীজনৰ সন্ধানত ব্যাপক অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে পলাতক কয়দীজনৰ সন্ধানত অভিযান চলোৱা হৈছে বুলি মন্তব্য কৰি ইতিমধ্যে কোকৰাঝাৰ আৰু চিৰাং জিলাত এলাৰ্ট কৰা হৈছে আৰু অতি সোনকালেই কয়দীজনক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ'ব বুলি মত প্ৰকাশ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in