শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

কোৰোনাত আক্ৰান্ত অখিল গগৈ…

ডিজিটেল ডেস্কঃ কোৰোনাত আক্ৰান্ত হৈছে বিধায়ক অখিল গগৈ। পত্নী আৰু পুত্ৰৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছতে এইবাৰ অখিল গগৈৰ দেহত ধৰা পৰে কোৰোনা। ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি অখিল গগৈয়ে এই বিষয়ে জনায়।

তেওঁ ফেচবুকত লিখিছে- ‘সমূহ অসমবাসী ৰাইজৰ জ্ঞাতাৰ্থে জনাও যে মোৰ পুত্ৰ আৰু পত্নীৰ কোভিড পজিটিভ হোৱাৰ পাছত মোৰো পজিটিভ ওলায়। সেয়ে মই হোম কোৱাৰেন্টাইন হৈ আছো। গতিকে সম্পূৰ্ণ সুস্থ নোহোৱা পৰ্যন্ত সাংগঠনিক তথা সকলো ৰাজহুৱা সভা সমিতিৰ পৰা বিৰত থাকিম। আশা কৰো এই কেইদিন মোৰ সান্নিধ্যত যি সকল ব্যক্তি আছিল তেখেতসকলে সজাগতাৰ স্বাৰ্থত কোভিড পৰীক্ষা কৰিব।’