কোভিড-১৯ঃ দ্বিতীয় স্থানত ভাৰত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। সমগ্ৰ বিশ্বত ৮ ছেপ্টেম্বৰ, ২০২০ৰ দিনৰ ১.৪০ বজালৈ ২৭,৫০০,৪৮৯ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে ১৯,৫৯৩,৮২৪জন লোক সুস্থ হৈছে যদিও, ৮৯৬,৯৮৩ জনে হেৰুৱাইছে প্ৰাণ।

worldometers.infoৰ তথ্য অনুসৰি ভাৰতে কোৰোনাৰ তালিকাত চেৰ পেলালে ব্ৰাজিলক। অৰ্থাৎ কোৰোনাত আক্ৰান্তৰ ক্ষেত্ৰত তালিকাখনৰ দ্বিতীয় স্থান পাইছেগৈ ভাৰত। ভাৰতত এই ভাইৰাছত বৰ্তমানলৈ আক্ৰান্ত হৈছে ৪,২৮৪,১০৩ জনকৈ লোক। ইফালে, তালিকাখনৰ প্ৰথম স্থানত আছে আমেৰিকা। আমেৰিকাত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬,৪৬১,৩৫৩জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৩,৭২৬,০৯৯জন লোক সুস্থ হৈছে যদিও, চিকিৎসাধীন হৈ আছে ২,৫৪২,০০১জন ৰোগী। আনহাতে, আমেৰিকাত এই ভাইৰাছে ১৯৩,২৫৩জন লোকৰ কাঢ়িছে প্ৰাণ।

লক্ষণীয় কথাটো হ'ল, আমেৰিকাই বৰ্তমান সময়ত এই তালিকাৰ শীৰ্ষ স্থানত আছে যদিও, worldometers.infoৰ অনুসৰি সোমবাৰলৈ দেশখনত ১,১০৩জন নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে ভাৰতত এই সংখ্যা বহু বেছি। ভাৰতত ৭ ছেপ্টেম্বৰত ২১,৪৫২ জনকৈ লোক নতুনকৈ কোভিড পজিটিভ ধৰা পৰিছে। অৰ্থাৎ এই তালিকাৰ শীৰ্ষ স্থান পাবলৈ ভাৰতক অধিক সময়ৰ প্ৰয়োজন নহ'ব। যি অতিকৈ চিন্তাৰ বিষয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in