কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত চীনক অতিক্ৰম কৰাৰ দিশে ভাৰত…

কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত চীনক অতিক্ৰম কৰাৰ দিশে ভাৰত…
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতেই লাখ লাখ লোক কোৰোনা ভাইৰাছত সংক্ৰমিত হৈছে। চীনৰ য়ুহান চহৰৰ পৰা বিশ্বজুৰি বিয়পি পৰা এই ভাইৰাছে ভাৰততো সংহাৰ ৰূপ ধাৰণ কৰিছে। কিন্তু লক্ষণীয় যে, কোৰোনা ভাইৰাছৰ সৃষ্টি হোৱা দেশ অৰ্থাৎ চীনক কোভিড-১৯ত আক্ৰান্ত দেশসমূহৰ তালিকাত পিছ পেলাব ভাৰতে।
উল্লেখ্য যে, ১৪ মে'ৰ নিশা ৯.৫০ বজালৈকে চীনত কোভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮২,৯২৯জন হৈছেগৈ। ইফালে, ভাৰতত এই ভাইৰাছত বৰ্তমান সময়লৈকে আক্ৰান্ত হৈছে ৮১,৭০৫জনকৈ লোক। অৰ্থাৎ ভাৰত আৰু চীনৰ মাজত কোভিড-১৯ত আক্ৰান্ত লোকৰ ব্যৱধান প্ৰায় ১২০০০।
অৱশ্যে চীনত বৰ্তমান পৰ্যন্ত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪৬৩৩জন লোকৰ। আৰু ভাৰতত এই সংখ্যা ২,৬৪৪। মন কৰিব লগা যে, ভাৰতত এই ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীসকলৰ ভিতৰত ২৭,৭৯১জন সুস্থ হৈ উঠাৰ বিপৰীতে চীনত এই সংখ্যা ভাৰতৰ তুলনাত বহু বেছি। চীনত এতিয়ালৈকে ৭৮,১৯৫জনকৈ লোক সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘূৰলৈ উভতিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in