কোভিড ভেকচিনৰ পৰীক্ষনত এগৰাকী স্বেচ্ছাসেৱকৰ মৃত্যু…

কোভিড ভেকচিনৰ পৰীক্ষনত এগৰাকী স্বেচ্ছাসেৱকৰ মৃত্যু…

ডিজিটেল ডেস্ক : কোভিড ভেকচিন তৈয়াৰৰ বাবে পৰীক্ষা চলি আছে বিশ্বৰ দেশ সমূহত । কোভিড ভেকচিনৰ পৰীক্ষাৰ ফলত ব্ৰজিলত এগৰাকী স্বেচ্চাসেৱকৰ মৃত্যু হয় । ব্ৰাজিলিয়ান স্বাস্থ্য কৰ্তৃপক্ষ আনভিচাই বুধবাৰে প্ৰকাশ কৰা অনুসৰি এষ্ট্ৰাজেনেকা আৰু অষ্কফ'ৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা তৈয়াৰ কৰা কোভিড ১৯ ভেকছিনৰ পৰীক্ষণৰ ফলত এজন স্বেচ্ছাসেৱকৰ মৃত্যু হয় ।কিন্তু লগতে উল্লেখ কৰি কয় ভেকচিনৰ পৰীক্ষণটো অব্যাহত থাকিব।

অষ্কফ'ৰ্ড বিশ্ববিদ্যালয়ৰ এটা বিবৃতিৰ জৰিয়তে কয় যে নিশ্চিত কৰে যে "এই পৰীক্ষণৰ ক্ষেত্ৰত কোনো ধৰনৰ সুৰক্ষাৰ বিষয়ে কোনো উদ্বেগ নাই।" ব্ৰাজিলৰ বাতৰি কাকত অ' গ্লোবোৱে প্ৰকাশ কৰা অনুসৰি স্বেচ্ছাসেৱক জনক পৰীক্ষণ ভেকছিন নহয় প্লেচিবো দিয়া হৈছিল। ইপিনে এষ্ট্ৰাজেনেকাই এই সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in