১৬ জানুৱাৰীত ৩ হাজাৰ কেন্দ্ৰত আৰম্ভ হ’ব কোভিডৰ টীকাকৰণ অভিযান…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেশত লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে নতুনকৈ কোভিড-১৯ত সংক্ৰমিত লোকৰ সংখ্যা। এই সংক্ৰমণক পৰাস্ত কৰিবলৈ অন্তিমখন যুঁজ হিচাপে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা ১৬ জানুৱাৰীৰ পৰা। নীতি আয়োগৰ সদস্য ভি কে প'লে সদৰী কৰা অনুসৰি, এই মহা অভিযানৰ আৰম্ভ কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

তেওঁ সাংবাদিকৰ আগত কয়- 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টীকাকৰণৰ এই অভিযান আৰম্ভ কৰিব। এই সন্দৰ্ভত আমি প্ৰস্তুতি অব্যাহত ৰাখিছো।' উল্লেখ্য যে, এই টীকাকৰণৰ অভিযান অহা শনিবাৰৰ পৰা ৩হাজাৰ কেন্দ্ৰত আৰম্ভ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in