কোভিড-১৯ঃ কোন কোন ৰাজ্যত অক্সিজেনৰ নাটনি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনাই অতি দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। অধিকাংশ চহৰৰ হাস্পতালতেই ৰোগীৰ বিচনা আৰু অক্সিজেনৰ নাটনিয়ে দেখা দিছে। একাংশ স্থানত পৰিস্থিতি ইমানেই বেয়া যে, পথতে চিকিৎসা কৰিব লগা হৈছে। তদুপৰি অক্সিজেনৰ অভাৱত বহুজনে হেৰুৱাইছে প্ৰাণ।

হাস্পতালত অক্সিজেনৰ নাটনিৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এক বৈঠকতো বহে। য'ত ৫০ হাজাৰ মেট্ৰিক টন মেডিকেল অক্সিজেনৰ যোগান ধৰাৰ যোঁজনা প্ৰস্তুত কৰা হৈছে। মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট, উত্তৰপ্ৰদেশ, দিল্লী, ছত্তীশগড়, কৰ্ণাটক, কেৰালা, তামিলনাডু, পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানত অক্সিজেনৰ সৰ্বাধিক নাটনিয়ে দেখা দিছে।

তাৰমাজতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে প্রধানমন্ত্ৰী মোডীক অক্সিজেনৰ নাটনি দূৰ কৰাৰ বাবে দাবী জনাইছিল। কিন্তু অক্সিজেন পৰিবহন কৰি সকলো ৰাজ্যত ইয়াৰ নাটনি দূৰ কৰাৰ সন্দৰ্ভত কিছু সমস্যাও নথকা নহয়। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ভাৰতত মেডিকেল অক্সিজেন সকলো ৰাজ্যত যোগান ধৰিবলৈ ২৪ঘন্টা আৰু ৭ দিন পথ পৰিবহন সুনিশ্চিত কৰাৰ পৰ্যাপ্ত টেংকাৰ নাই। যাৰ ফলত এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ এই অক্সিজেন নিবলৈ ৩-৫ দিনৰ বিপৰীতে ৮দিনৰ সময় প্ৰয়োজন হয়।

উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত ভাৰতত ২,৩৪,৬৯২জনৰ কোৰোনাত আক্ৰান্ত হৈছে। ইফালে, এই সময়চোৱাত সুস্থ হৈছে ১২৩৩৫৪জন লোক আৰু তাৰ বিপৰীতে ১৩৪১জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in