শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

কোভিড মহামাৰীয়ে শিক্ষাৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছেঃ ইউনেস্কো…

99

ডিজিটেল ডেস্কঃ ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, ছায়েন্টিছ এণ্ড কালছাৰেল অৰ্গেনাইজেশ্যন চমুকৈ ইউনেস্কো’ই দেওবাৰে কোভিড মহামাৰীৰ ফলত শিক্ষাৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে বুলি সদৰী কৰে। ইউনেস্কোই এক সমীক্ষাত কয় যে, কোভিড মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিৱেশ-পৰিস্থিতিত যৌন নিৰ্যাতনৰ লগতে কম বয়সতে সন্তান সম্ভৱা হোৱা, বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা বৃহৎ সংখ্যাত ছাত্ৰীসকল ওলাই যোৱাৰ সম্ভাৱনা, পাঠগ্ৰহণত বহু সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল।

লগতে এই সমীক্ষাযোগে কয় যে, কোভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতেই লকডাউন জাৰি কৰিব লগা হয়। লগতে অৰ্থনীতিৰ ওপৰতো ইয়াৰ প্ৰভাৱ বাৰুকৈ পৰে। তদুপৰি শিক্ষানুষ্ঠানসমূহো বন্ধ কৰিব লগা হয়। যাৰ ফলত ১৯৪জন দেশৰ ৯১ শতাংশ শিক্ষাৰ্থীসকল প্ৰভাৱান্বিত হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি