সংক্ৰমণৰ শংকাত মুখ নোচোৱাকৈ পত্নী বুলি কবৰ দিলে আন মহিলাক, জীৱন্ত গিৰিজামাক দেখি অবাক স্বামী…

সংক্ৰমণৰ শংকাত মুখ নোচোৱাকৈ পত্নী বুলি  কবৰ দিলে আন মহিলাক,  জীৱন্ত  গিৰিজামাক দেখি অবাক স্বামী…

সংক্ৰমণৰ শংকাত মুখ নোচোৱাকৈ পত্নী বুলি কবৰ দিলে আন মহিলাক, ১৮দিনৰ মূৰত জীৱন্ত গিৰিজামাক দেখি অবাক স্বামী…

ডিজিটেল ডেস্ক : মহামাৰী কোভিডে বহুতৰে আত্মীয়ক কাঢ়ি নিয়াৰ সময়তেই অন্য এক ভাবুকি মাতিছে মানৱ সমাজলৈ। মানুহক মানুহৰ পৰা বিচ্ছিনতাৰ পথলৈ ঠেলি দিয়াত অগ্ৰণী ভুমিকা পালন কৰিছে এই কোভিডে। পৃথিৱীৰ এক মাত্ৰ জন্মৰ পৰাই সমাজ প্ৰিয় প্ৰাণীবিধ হ'ল মানুহ। সেই ধাৰণা ভুল প্ৰমাণিত হবলৈ কিজানি আৰু যেন বেছি দিনৰ প্ৰয়োজন ন'হব । কোভিড প্ৰ'টকল অনুসৰি কোৰোনাৰ পৰা সাৰিবলৈ অন্যতম উপায় সামাজিক দূৰত্ব। এই সামাজিক দূৰত্ব নামৰ প্ৰটকলটো এতিয়া মানুহৰ মন মগজুত এইদৰে শিপাইছে যে মানুহবোৰৰ সামাজিক ভৱে জীয়াই থকাৰ মনোবৃত্তি হেৰাই গৈছে।

কোৰোনাৰ বাবেই  আত্মীয়ৰ বিয়োগত হিয়া উজাৰি কান্দিবলৈও এতিয়া সুযোগ নাপাই আত্মীয়ই। দুখ প্ৰকাশ দূৰৰে কথা মৃত ব্যক্তি জনক চাবলৈও সুবিধা নাই । এই কোৰোনাই কেৱল মানুহৰ জীয়াই থকাৰ প্ৰণালীয়ে নহয় সলনি কৰিলে মানুহৰ মৃত্যুৰ প্ৰণালীক। পূৰ্বে অন্তিম বিদায় বেলাত ফুলৰ মাল্য অৰ্পণ কৰা বা শেষ বিদায়ত শোক প্ৰকাশ কৰা সাধাৰণ কথা আছিল। এতিয়া সময় এনেকুৱা যে মৃত্যুৰ পাছত নিজ পিতৃ মাতৃ আত্মীয়ৰ মুখখন এবাৰ চোৱাৰ প্ৰয়োজনবোধ নকৰে মানুহে। মানৱীয়তা, আত্মীয়তা, তেজৰ সম্পৰ্ক সকলোৰে উদ্ধত কোৰোনা মুক্ত এটা  শৰীৰ ।আত্মীয়ৰ মৃত্যুৰ পাছত দেহটো শ্মশানত চণ্ডালৰ হাতত গতাই কেতিয়াবা অন্তোষ্টিক্ৰিয়া সম্পূৰ্ণ কৰিছে কেতিয়াবা আধাতে এৰিছে।

মুঠতে কোভিড সংক্ৰমণ  নোহোৱাকৈ কি দৰে ঘৰ পাব পৰা যায় তাৰেই চিন্তাত থাকে সকলো । মৃত্যু মাত্ৰ এখোজ দূৰত, তেনেই সহজ কেতিয়া কাক মৃত্যুৱে চুব তাৰ কোনো ঠিকনা নাই। মৃত্যুক লৈ পূৰ্বৰ আৱেগিকতা  নাই কেতিয়াবা পলিথিন কেতিয়াবা কাপোৰৰ ভাজতেই লৈ অহা হয় মৃতদেহ। কোৰোনাৰ বোবেই জীৱনৰ অন্তিম যাত্ৰাত পাপাত্মাৰ দৰে অৱহেলা কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ সময়তে অন্ধ্ৰ প্ৰদেশৰ এক আচৰিত ঘটনা পোহৰলৈ আহিছে ।

ঘটনা মৰ্মে অন্ধ্ৰপ্ৰদেশৰ কিষ্ণা জিলাৰ খ্ৰীষ্টানপেট গাঁৱৰ ৭০ বছৰীয়া গিৰিজামা নামৰ এগৰাকী মহিলা ১৫ মে ত কোৰোনাত আক্ৰান্ত  হৈ মৃত্যু হৈছিল। ২৩ মে'ত তেঁও পুত্ৰৰো মৃত্যু হৈছিল। আৰু ১ জুনত পৰিয়ালৰ লোকে দুয়োৰে আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিছিল । কিন্তু পৰিয়ালৰ লোকে দাবী কৰা মতে শ্ৰাদ্ধৰ এদিনৰ পাছতে ৭০ বছৰীয়া গিৰিজামা সুস্থ শৰীৰেৰে ঘৰ ওলোৱাত আচৰিত হৈ উঠিল সকলো ওচৰ চুবুৰীয়া।স্বামীৰ ভাষ্য অনুসৰি, ১২ মে' ত গিৰিজাক কোভিড আক্ৰান্ত হোৱাৰ বাবে বিজয়ৱাড়া হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল।

স্বামীয়ে সদায়ে মহিলা গৰাকীৰ খবৰ লৈ আছিল। কিন্তু ১৫ মে ত কোভিড ৱাৰ্ডত গিৰিজাক বিচাৰি নাপাই হাহাকাৰ লগাইছিল। আৰু তেতিয়াই হাস্পাতালৰ নাৰ্চ সকলে গিৰিজাক মৃত ঘোষণা কৰি এটা মৃতদেহ গতাই দিছিল। পত্নীৰ বিয়োগৰ খবৰ পাই স্বামীয়ে  দুখ পাইছিল যদিও কোভিডক প্ৰতি থকা  গাঁও বাসীৰ মনোবৃত্তিক লৈ হে বেছি চিন্তাত পৰিছিল। সমাজৰ অৱহেলা আৰু ঘৃণাৰ সন্মুখীন হোৱাৰ ভয়ত ততাতৈয়াকৈ মৃতদেহটো পুতি থবলৈ বাধ্য হৈছিল। কোৰোনা মুক্ত হৈ ঘূৰি অহা গিৰিজাৰ মতে কোভিডক জয় কৰাৰ পাছত তেঁওৰ ঘৰৰ পৰা তেঁওক নিবলৈ কোনো নহাত তেঁও নিজেই ঘৰলৈ অহাৰ সিদ্ধান্ত লৈছিল অৰু হাস্পাতালৰ পৰা তেওঁক ৩০০০ টকাও দিয়া হৈছিল। কোভিডে সৃষ্টি কৰা সহজ মৃত্যুৰ বাবেই হওক বা হাস্পাতালৰ কৰ্মচাৰীৰ অকমণ্যতাই হওক নাইবা সংক্ৰমন, সমাজৰ ভয়তে হওক মানুহৰ মাজৰ পৰা এইদৰে মানৱীয়তা হেৰাই য়োৱাতো সঁচাই চিন্তনীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in