কোৰোনাত বিধস্ত ভাৰতক সহায় কৰিব ফ্ৰাণ্সে,যোগান ধৰিব অক্সিজেন উৎপাদন প্ৰকল্প…

কোৰোনাত বিধস্ত ভাৰতক সহায় কৰিব ফ্ৰাণ্সে,যোগান ধৰিব অক্সিজেন উৎপাদন প্ৰকল্প…

ডিজিটেল ডেস্ক : কোৰোনাৰ বিভিষিকাৰ সময়তে ভাৰতক সহায় কৰিব ফ্লাণ্সে । ফ্ৰান্সে মঙলবাৰে ভাৰতৰ বাবে এক 'সংহতি অভিযান' ঘোষণা কৰে । এই অভিযানত ভাৰতক কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ অক্সিজেন উৎপাদন প্ৰকল্প, ভেণ্টিলেটৰ আৰু অন্যান্য চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিব।

ফ্ৰান্সৰ ইউৰোপ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে কোভিড-১৯ মহামাৰীয়ে বেয়াকৈ প্ৰভাৱিত ভাৰতৰ লোক সকলক সহায় কৰিবলৈ অসাধাৰণ সংহতি অভিযান চলাব।ফ্লাণ্সৰ এই অভিযানে এই সপ্তাহৰ শেষৰ ফালে বিমান আৰু সাগৰীয় পথেৰে চিকিৎসা সামগ্ৰী যোগান ধৰিব ।

মন্ত্ৰালয়ে এক বিবৃতিত যোগে এই কথা সদৰি কৰে ৷ ভাৰতত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনিনে কয় যে ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ ফৰাচী কোম্পানীসমূহৰ সহযোগত "বৃহৎ সংহতি অভিযান" আৰম্ভ কৰা হৈছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in