শেহতীয়া খবৰ
কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য... • মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া

মণিপুৰত নাৰ্ছৰ দেহত কোৰোনা ভাইৰাছ…

621

ডিজিটেল ডেস্কঃ মণিপুৰত এগৰাকী ২২ বছৰীয়া যুৱতীৰ দেহত কোৰোনা পোৱা গৈছে কোভিড-১৯। কামজং জিলাৰ কোৰোনা ৰোগীগৰাকীৰ সৈতে মণিপুৰৰ কোৰোনা ৰোগীৰ সংখ্যা ৪ গৰাকীলৈ বৃদ্ধি পাইছে। কলকাতাৰ এখন হাস্পতালত নাৰ্ছ হিচাপে কৰ্মৰত আছিল যুৱতীগৰাকী। কিছুদিন পূৰ্বে তেওঁ নিজ ঘৰলৈ ঘূৰি আহি ইম্ফলৰ এনআইটিত কোৱাৰেন্টাইনত আছিল।

জৱাবৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সত তেওঁৰ কোৰোনা পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰা হৈছিল। কোৰোনা ধৰা পৰাত একেখন হাস্পতালৰ আইছ’লেশ্যন এৱাৰ্ডলৈ তেওঁক লৈ যোৱা হয়। য’ত তেওঁক চিকিৎসা প্ৰদান কৰা হ’ব।

COVID-19: 22-yr-old girl tests positive in Manipur; state total 4

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে এগৰাকী ৩১ বছৰীয়া লোকৰ দেহত মণিপুৰত কোৰোনা ভাইৰাছ ধৰা পৰিছিল। মে’ ১৩ তাৰিখে লোকজন মুম্বাইৰ পৰা উভতি আহিছিল। ইফালে এই দুজন লোকক বাদ দি প্ৰায় এমাহে মণিপুৰত নাছিল নতুন কোৰোনাৰ ৰোগী। মণিপুৰত শেষবাৰৰ বাবে নিজামুদ্দিন মাৰ্কাজত উপস্থিত থকা এজন ৬৫ বছৰীয়া লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি