১৫৪ প্ৰাৰ্থী, ২৬ খন চকী ! কোনে মাৰিব শেষ হাঁহি…

১৫৪ প্ৰাৰ্থী, ২৬ খন চকী ! কোনে মাৰিব শেষ হাঁহি…

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা। ২৬ টা সমষ্টিৰ বাবে ৮ জুনত অনুষ্ঠিত হোৱা নিৰ্বাচনত অৱতীৰ্ণ ১৫৪ গৰাকী ভাগ্য চূড়ান্ত হ'ব এই ভোটগণনাৰ জৰিয়তে।

পোনপটিয়াভাৱে চালে ভোটগ্ৰহণ সম্পন্ন হৈ যোৱা কাৰ্বি পৰিষদৰ এই নিৰ্বাচনত প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি আন দলসমূহৰ স্থিতি বিশেষভাৱে শক্তিশালী নহয়। বিজেপি দলৰ প্ৰাৰ্থীৰ হকে নেতাসকলক বাদ দিও স্বয়ং মুখ্যমন্ত্ৰীক বাদ দি এই নিৰ্বাচনৰ বাবে ১৯ খনকৈ প্ৰচাৰ সভাত অংশ লৈ প্ৰতিদ্বন্দি সমূহ প্ৰাৰ্থীকে নিশ্চিহ্ন কৰি দিয়াৰ বাবে জোৰদাৰ প্ৰচেষ্টা চলাইছিল।

এনে পৰিপ্ৰেক্ষিতত বিগত নিৰ্বাচনত ২৬ খন আসনৰ ভিতৰত ২৪ খন আসন দখল কৰা বিজেপি কদলে এইবাৰ গোটেই কেইখন আসনতেই জয়লাভ কৰিব বুলিয়েই নিৰ্বাচনৰ পূৰ্বানুমান কৰা হৈছিল। কিন্তু ৮ জুন আৰু তাৰো দুদিন পূৰ্বে বিভিন্ন সমষ্টিত সংঘিত বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত দুটা সমষ্টিত পুনৰ ভোটগ্ৰহণ কৰিবলগা হোৱা পৰিস্থিতিয়ে ২৬ খন আসনতেই জয় লাভ কৰাৰ পথত সামান্য পৰিমাণে হলেও বাধাৰ সৃষ্টি কৰাৰ থলো নোহোৱা নহয়।

উল্লেখ কৰাৰ প্ৰয়োজন যে, ৩ টা মহকুমা আৰু ২ খনকৈ জিলা সামৰি গঠিত ২৬ টা সমষ্টিৰ স্বায়ত্ব পৰিষদৰ ভিতৰৰে ডিফু মহকুমাত ১০ টা সমষ্টি, হামৰেন মহকুমাত ৯ টা সমষ্টিত আৰু বোকাজান মহকুমাৰ ৭ টা সমষ্টিত এই নিৰ্বাচন অনুষ্ঠিত হৈছে। সেইদৰে ইয়াৰ ভোটগণনা ডিফুৰ বাবে অনুষ্ঠিত হ'ব ডিফু চৰকাৰী বালক আৰু বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, হামৰেনৰ বাবে হামৰেন মহকুমা সদৰ কাৰ্যালয় চৌহদ আৰু বোকাজানৰ বাবে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।

ইতিমধ্যে পুৱা ৮ বজাৰ পৰা হ'বলগীয়া ভোট গণনা ক্ষীপ্ৰতৰ কৰি তোলাৰ বাবে প্ৰতিটো সমষ্টিৰ বাবে ৭ ৰ পৰা ১২ খন পৰ্যণ্ট ভোট গণনা টেবুল নিৰ্ধাৰণ কৰা হৈছে। এই প্ৰসংগতে উল্লেখ কৰাৰ প্ৰয়োজন যে, স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যালয় ডিফুৰ লুম্বাজং সমষ্টিতে সৰ্বাধিক প্ৰায় ৬০ হাজাৰ ভোটাৰে ভোট দিয়াৰ বিপৰীতে বোকাজান মহকুমাৰ সৰুপথাৰ সমষ্টিত মাত্ৰ ৮ হাজাৰ ৪২৪ ভোটাৰে ভোটদান কৰিছে।

২৬ টা সমষ্টিত ভোট দান কৰা মুঠ ভোটাৰৰ সংখ্যা হ'ল মাত্ৰ ৭ লাখ ৪ হাজাৰ ৪৬০গৰাকী। সেয়েহে ৮ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ভোটগণনাৰ সম্পূৰ্ণ ফলাফল প্ৰায় ২ মান বজাৰ ভিতৰতে ওলাবগৈ বুলি ধাৰণা কৰা হৈছে। আনহাতে খুব কম সংখ্যক ভোটাৰৰ দ্বাৰা গঠিত কপিলী, ৰংখাং, সৰুপথাৰ, দুৱাৰবাগৰী, দুৱাৰআমলা এই সমষ্টি কেইটাত তুলনামূলক ভাৱে শক্তিশালী প্ৰতিদ্বন্দি আৰু কপিলী সমষ্টিত একেটা সম্প্ৰদায়ৰে তিনিগৰাকী শক্তিশালী প্ৰতিদ্বন্দিয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বাবে কাইলৈ ভোটগণনাৰ সময়ত তীব্ৰ প্ৰতিদ্বন্দিতাৰ এক ছবি প্ৰতিফলিত কৰাৰ সম্ভাৱনাও বহুতে ইতিমধ্যে ব্যক্ত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in