বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক’ত কেনেকুৱা নিৰাপত্তা বেষ্টনী…

বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক’ত কেনেকুৱা নিৰাপত্তা বেষ্টনী…

ডিজিটেল সংবাদ, ওদালগুৰিঃ দেশত সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ভোটগণনালৈ মাজত মাথো এটা দিন বাকী। ভোটগণনাৰ দিনটো চমু চাপি অহাৰ লগে লগে নিৰ্বাচনত অৱতীৰ্ণ প্ৰাথীসকলৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা। জয়-পৰাজয়ৰ হিচাপ-নিকাচৰ অন্তত সকলোৱে অপেক্ষা কৰিছে ২৩ মে'ৰ ভোটগণনাৰ দিনটোলৈ। ইফালে ভোটগণনাৰ দিনটোৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন।

৮ নম্বৰ মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ভোটগণনা কাৰ্য সম্পন্ন হ'ব ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ ভোটগণনা কক্ষত। জিলাখনৰ তিনিটা সমষ্টি ক্ৰমে পানেৰী, ওদালগুৰি আৰু মাজবাট সমষ্টিৰ বাবে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ ভোটগণনা কক্ষত বৃহস্পতিবাৰে ভোটগণনা আৰম্ভ হ'ব। জিলাখনৰ তিনিওটা সমষ্টিৰ প্ৰতিটোৰ বাবে ১২ খনকৈ টেবুলসহ মুঠ ৩৬ খন টেবুলত ভোটগণনা সম্পন্ন কৰা হ'ব। লগতে সমষ্টি তিনিটাৰ বাবে পৃথক পৃথক ৰাউণ্ডৰ ব্যৱস্থা কাৰা হৈছে।

সেই অনুসৰি পানেৰী বিধানসভা সমষ্টিৰ বাবে ১৭ টা ৰাউণ্ড আৰু মাজবাট আৰু ওদালগুৰি বিধানসভা সমষ্টিৰ বাবে ১৬টাকৈ ৰাউণ্ডৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে, বিগত ১৮ এপ্ৰিল তাৰিখে হৈ যোৱা মঙ্গলদৈ লোকসভা সমষ্টিৰ ভোটগ্ৰহণত পানেৰী বিধানসভা সমষ্টিৰ মুঠ ১,৪৪,৫৫৭ গৰাকী ভোটাৰৰ ভিতৰত ১,১৬,১৪০টা ভোটদান সম্পন্ন হৈছিল, মাজবাট বিধানসভা সমষ্টিত মুঠ ১,৪৫,৭৫৩টা ভোটৰ বিপৰীতে ১,২১,৫০৫টা আৰু ওদালগুৰি বিধানসভা সমষ্টিত মুঠ ১,৪৫,৮২৭টা ভোটৰ বিপৰীতে ১,১৬,৩৬৪টা ভোটদান হৈছিল।

আনহাতে নিৰাপত্তাৰ দিশটোৰ প্ৰতিও ওদালগুৰি জিলা প্ৰশাসনে তীক্ষ্ণ নজৰ ৰখা পৰিলক্ষিত হৈছে। জিলা উপায়ুক্ত কাৰ্যালয়ত থকা ভোটগণনাৰ কেন্দ্ৰ তথা চৌহদলৈ যিকোনো লোকৰ আহ যাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লগতে কৰ্তব্যত নিয়োজিত লোকসকলৰ বিশেষ প্ৰৱেশপত্ৰৰ ব্যৱস্থা কৰা হৈছে। মেটেল ডিটেক্টৰৰ লগতে বিভিন্ন স্থানত চিচিটিভিৰে প্ৰতিজন লোকৰে গতিবিধি নিৰীক্ষণ কৰা হ'ব। ইতিমধ্যে জিলা প্ৰশাসনে বেৰিকেডৰ জৰিয়তে অহা যোৱা পথত তিনিতৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।

প্ৰথমটো ষ্ট্ৰংৰুমৰ সন্মুখত, দ্বিতীয়টো জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ প্ৰৱেশ পথত আৰু তৃতীয়টো জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱা পথত বুলি ওদালগুৰি আৰক্ষীৰ শীৰ্ষ বিষয়াই জানিবলৈ দিছে। আনহাতে ভোটগ্ৰহণৰ বাবে ওদালগুৰিলৈ অনা হৈছে এটা অতিৰিক্ত এছএছবি কোম্পানী। লগতে বিভিন্ন স্থানত নাকা গেট তালাচী স্থাপনৰ লগতে মোবাইল পেট্ৰলিঙৰ ব্যৱস্থা কৰা হৈছে।

ইপিনে ভোটগণনাৰ বাবে জিলাখনৰ বিভিন্ন আৰক্ষী বিষয়াসকলক বিভিন্ন স্থানত নিয়োগ কৰাৰ কথাও শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। একপ্ৰকাৰ কবলৈ গ'লে ভোটগণনাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in