মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে গোচৰ দিব কটনীয়ানে! নিষিদ্ধ কৰিলে ৰাজনৈতিক নেতাৰ প্ৰৱেশ, ৫ হাজাৰ কটনীয়ানে প্ৰধানমন্ত্ৰীক দিব পত্ৰ

মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে গোচৰ দিব কটনীয়ানে! নিষিদ্ধ কৰিলে ৰাজনৈতিক নেতাৰ প্ৰৱেশ, ৫ হাজাৰ কটনীয়ানে প্ৰধানমন্ত্ৰীক দিব পত্ৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ দিব কটনীয়ানে। সোমবাৰে সংবাদমেলযোগে এই ঘোষণা কৰে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমান ছাত্ৰ একতা সভাৰ সদস্যসকলে। সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন এলমনাই ভৱনত সংবাদমেলযোগে তীব্ৰ ক্ষোভ ব্যক্ত কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়াসকলে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰি চৰকাৰক তেওঁলোকে তীব্ৰ ভাষাৰে সমালোচনা কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে কেনে এক পৰিবেশৰ সূচনা হ'ব সেই কথা উল্লেখ কৰি এই বিধেয়ক কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে ছাত্র-ছাত্ৰীসকলে। লগতে তেওঁলোকে কয়, বিধানসভাৰ মজিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'জয় বাংলাদেশ' বুলি কোৱাৰ পিছতো তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। গতিকে ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ দিব বুলি মন্তব্য কৰে।

প্ৰয়োজন হ'লে অসম আন্দোলনতকৈও ভয়ংকৰ প্ৰতিবাদ কৰিবলৈ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ প্ৰস্তুত বুলি মন্তব্য কৰে প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়াই। জিন্টু ঠাকুৰীয়াই কয়, আমি বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন কৰি আছো আৰু অনাগত দিনত আন্দোলন কৰি যাম। কংগ্ৰেছেও দুমুখীয়া স্থিতি বৰ্জন কৰক। বৰাক ব্ৰহ্মপুত্ৰত কংগ্ৰেছে এতিয়া বেলেগ বেলেগ সিদ্ধান্ত লয়। দুটা দুটা কথা কয় দলটোৱে। এইয়া নহ'ব। দীৰ্ঘদিন শাসনত থাকি কংগ্ৰেছে অসম চুক্তি ৰূপায়ন কৰিব নোৱাৰিলে।

শীঘ্ৰে ৰাইজৰ কথা শুনক নহলে পৰিস্থিতি ভয়ানক হ'ব বুলিও কয় প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে। তেওঁ লগতে কয়, ছাত্রসকল নিজে ওলাই আহিছে। ছাত্র সমাজৰ বুকুত জাতি প্ৰেমৰ জুই জ্বলি উঠিছে। নহলে অসম আকৌ ৰাঙলী হ'ব। ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদকগৰাকীয়ে লগতে কয়, চন্দ্রমোহন পাটোৱাৰী, সৰ্বানন্দ সোণোৱালৰ নাম শুনিলে পাপ লাগিব। তেওঁলোকক বিদায় দিব লাগে। পাটোৱাৰী এগৰাকী নিৰ্লজ্জ নেতা। এতিয়া গাদীৰ স্বাৰ্থত যিকোনো কাম কৰিব পাৰে তেওঁলোকে।

কটন কলেজ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বীপজ্যোতি দাসে কয়, অগপ-বিপিএফৰ লগতে যিসমূহ দল বৰ্তমান বিজেপিৰ সৈতে মিত্ৰতাত আছে সেইসমূহ দলে বিজেপিৰ সংগ এৰিব লাগিব। নহলে সেই দল এদিন ৰাইজৰ মাজৰ পৰা নোহোৱা হৈ যাব। তেওঁ কয়, ৰাজনৈতিক দলসমূহে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে।

উল্লেখ্য যে, বৰ্তমানে বিশ্ববিদ্যালয়খনত অব্যাহত থকা প্ৰতিবাদ অধিক তীব্ৰতৰ কৰাৰ বাবে কিছু আন্দোলনৰ কাৰ্যসূচী সোমবাৰে ঘোষণা কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে। ৬ ডিচেম্বৰত দিনৰ ১১ বজাৰ পৰা কটন বিশ্ববিদ্যালয় চৌহদত 'ৰণ হুংকাৰ' নামেৰে এটা গণ ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। লগতে অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ হৈ কটন বিশ্ববিদ্যালয়ৰ প্ৰায় পাঁচ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব বুলিও জানিবলৈ দিয়ে সম্পাদকগৰাকীয়ে। 'ৰণ হুংকাৰ' নামৰ গণ ধৰ্মঘটত সৰ্বস্তৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনায় তেওঁ।

প্ৰয়োজন হ'লে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ো ঘেৰাও কৰাৰ বাবে সিদ্ধান্ত লৈছে বুলি সোমবাৰে জানিবলৈ দিয়ে। লগতে তেওঁলোকে অসমীয়াৰ স্বাভিমান গামোচা প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰি অসমীয়া লোকৰ অন্তৰত আঘাট সানিব পৰা বিধেয়কখন বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনাব বুলিও জানিবলৈ দিয়ে ৰাহুল বৰদলৈয়ে।

উল্লেখ্যে যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটনীয়ানে আৰম্ভ কৰিছে এক স্বাক্ষৰ অভিযান। ইয়াৰ লগতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এক সাংস্কৃতিক প্ৰতিবাদ কাৰ্য্যসূচীও গ্ৰহণ কৰিব।

সংবাদমেলত ভাগ লৈ প্ৰাক্তন সাধাৰণ সম্পাদক অম্লান দেউৰীয়ে কয়, কম বেছি পৰিমাণে আমি প্ৰাক্তন কটনিয়ানসকল বৰ্তমানৰ কটনীয়ানসকলে যি আন্দোলন কৰিছে সেই কাৰ্যত জড়িত হৈ আছো। আমি যিমান পাৰো প্ৰাক্তন ছাত্ৰ একতা সভাৰ সম্পাদকসকলক জড়িত কৰিবলৈ চেষ্টা কৰিছো। বিধেয়কখনক লৈ অগপ, সাহিত্য সভাৰ দৰে সংগঠনক ৰাইজে প্ৰত্যাখান কৰিব লাগে।

এটা সময়ত জাতিৰ কথা কোৱা এইসমূহ সংগঠনে জাতি জনগোষ্ঠীৰ কথা পাহৰে। মন্ত্ৰীত্বৰ কথা ভাৱে তেওঁলোকে। সকলো জাতীয় জনগোষ্ঠীয় সংগঠনক ওলাই আহিবলৈও আহ্বান জনাই তেওঁ কয়, যি সকল নেতাই বিধেয়কৰ বিৰুদ্ধে মতা নাই তেওঁলোকক বৰ্জন কৰিব লাগে। সেইসকল লোকক কোনো অনুষ্ঠানলৈকে মাতিব নালাগে।

প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয়, অসম আন্দোলনতকৈ ভয়ানক হ'ব কটনৰ এই আন্দোলন। আমি যি আন্দোলন কৰিম সেয়া ছাত্র সমাজৰ আন্দোলন, দল সংগঠনৰ নহয়। সকলোৱে ওলাই আহিব লাগে। বিধেয়কৰ বিৰুদ্ধে যুঁজ কৰিব লাগিব। আমাৰ গাত লাচিতৰ তেজ আছে। আমি মোগল খেদিছিলোঁ। এতিয়া আমি বাংলাদেশী খেদিবলৈ প্ৰস্তুত। যোৱাবাৰ অনা বিলখন সংশোধন কৰি আকৌ দিব খুজিছে। অসমলৈ আহি বাংলাদেশী ইয়াত থিতাপি লৈছে। আমি এইয়া সমৰ্থন নকৰো। বিধেয়ক বাতিল কৰক।

নিশিৰঞ্জন কে মল্লিকাই কয়, বিধেয়কৰ ক্ষেত্ৰত অমিত শ্বাহে আন্দোলনৰ শক্তিক ভাগ কৰিবলৈ চেষ্টা কৰিছে। সেইবাবে মন্ত্ৰীগৰাকীয়ে কোনো কোনো স্থানত কেব গৃহীত নহয় বুলি কৈ ৰাইজক ভাগ ভাগ কৰিছে। চৰকাৰৰ প্ৰৱঞ্চনাৰ জালত কাকো ভৰি নিদিবলৈ আহ্বান জনায় প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in