কটন বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিষয়ত বক্তৃতা প্ৰতিযোগিতা

কটন বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিষয়ত বক্তৃতা প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ তৰ্ক আৰু আলোচনা বিভাগ আৰু কটন বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত হয় আন্তঃ মহাবিদ্যালয় বক্তৃতা প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকে তাৰ্কিক, সাংবাদিক প্ৰাণজিত দাস আৰু শ্বাহ আলম।

'নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ঃ অসম তথা অসমীয়া ভাষা, সংস্কৃতি, ভূমি তথা ৰাজনৈতিক ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ' বিষয়ত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৪০ গৰাকীতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছিল। প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন কলেজৰ প্ৰাক্তন অধ্যাপক উদয়াদিত্য ভৰালী।

সম্পাদক অভিষেক মহন্তই কটন অধ্যয়ন চক্ৰৰ উদ্দ্যেশ্য সম্পৰ্কত বক্তব্য আগবঢ়োৱা প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ লাভ কৰে ত্ৰিদীপ ভাগৱতীয়ে। ঠিক তেনেদৰে দ্বিতীয় পুৰস্কাৰ ভূপালী সন্ধ্যা আৰু তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰে হেমাংগ গগৈ আৰু চৈলাজা প্ৰধানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in