কটন বিশ্ববিদ্যালয়ৰ মাটিও বেদখল, ১২ বছৰে কৰ্মচাৰীৰ আবাসগৃহ যোজনা আধাৰশিলাতে ৰ’ল

কটন বিশ্ববিদ্যালয়ৰ মাটিও বেদখল, ১২ বছৰে কৰ্মচাৰীৰ আবাসগৃহ যোজনা আধাৰশিলাতে ৰ’ল

মহানগৰীৰ এটা সম্ভ্ৰান্ত অঞ্চল হ'ল ৰূপনগৰ। এই অঞ্চলতে আছে চৰকাৰী বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগৰ মুখ্য কাৰ্যালয়ৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সদৰ কাৰ্যালয়, মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যালয়, বডৌফা উপেন্দ্ৰনাথ ব্ৰহ্ম অতিথিশালা, মিডিয়া ট্ৰাষ্টকে আদি কৰি বহু ব্যস্ততাপূৰ্ণ অনুষ্ঠানৰ কাৰ্যালয়। এটা দিশত সম্ভ্ৰান্ত আৱাসিক এলেকা আৰু আনটো দিশত চৰকাৰী প্ৰতিষ্ঠানৰ কাষতে এনে কিছু পৰিত্যক্ত অঞ্চল আছে, যিবোৰ অঞ্চলত চৰকাৰৰ অৱহেলাৰ বাবে তাত থকা আৱাস সমূহ উৱলি গৈছে। ঠিক তেনেদৰে এনে কিছু চৌহদ আছে যি বৰ্তমান অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে। আমি চৰজমিন তদন্তৰ অন্তত চৰকাৰখনৰ ৰহস্যজনক অৱহেলাৰ বাবে মৃত্যুৰ দিশে গতি কৰা এনে কেইটামান বিভাগ তথা অনুষ্ঠানৰ কাৰ্যালয়ত চলি থকা অবৈধ কাৰ্যকলাপৰ সন্দৰ্ভত এক ধাৰাবাহিক প্ৰতিবেদন পাঠকসকলৰ বাবে আগবঢ়াম। কটন বিশ্ববিদ্যালয়ৰ ৰূপ নগৰ চৌহদত চলি থকা অবৈধ বেদখল সন্দৰ্ভত পলাশ জ্যোতি গগৈৰ প্ৰথমখন প্ৰতিবেদন।

উন্নয়নৰ নামত কোটি কোটি টকাৰ ধনৰ শৰাধ পাতিছে ৰাজ্য চৰকাৰে। চৰকাৰৰ অভিলাসী আঁচনি ৰূপায়নৰ এক কৌশল আধাৰশিলা। চৰকাৰ সলনি হৈছে। আধাৰ শিলা স্থাপনতে কাম সামৰিছে ইখনৰ পিছত সিখন চৰকাৰে। ৰাজ্যৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানৰ এটা চৌহদ। ২০০৭ চনতে সেই সময়ৰ শিক্ষামন্ত্ৰী ৰিপুণ বৰাই আধাৰশিলা স্থাপন কৰিছিল শিক্ষানুষ্ঠানখনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ আৱাস গৃহৰ। সেই সময়ৰ কটন কলেজৰ ৰূপনগৰৰ চৌহদ৷ সেই চৌহদ এতিয়া হাবিত পৰিণত। প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া চৌহদটোৰ চাৰিওফালে কেৱল জংঘল। আধাৰশিলা স্থাপন ঠিকেই হ'ল কিন্তু নিৰ্মাণ সম্পূৰ্ণ নহ'ল আৱাস গৃহৰ। আৱাস গৃহ নিৰ্মাণৰ কাম কিছু পৰিমাণে কৰি বাকীখিনি টকা আত্মসাৎ কৰিলে নিৰ্মাণৰ দায়িত্বত থকা গড়কাপ্তানী বিভাগৰ বিষয়াই। ৰাজ্যৰ এনে এখন অগ্ৰণী শিক্ষানুষ্ঠানৰ এই চৌহদটোৰ পুতৌলগা অৱস্থা দেখিলে আচৰিত হ'ব আপুনি।

সেয়া আছিল প্ৰায় ২০০০ চন। কটন কলেজৰ অধ্যক্ষ আছিল উদয়াদিত্য ভৰালী। কলেজখনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল ২৫০ জন। হোষ্টেলৰ খাদ্য প্ৰস্তুত কৰাৰ পৰা কলেজত ঝাড়ু মৰালৈকে প্ৰায় খিনি কাম কৰিছিল চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে। বিভিন্ন কাৰণত নিজ গৃহৰ পৰা অহা যোৱা কৰি কাম সম্পাদন কৰাটো তেওঁলোকৰ বাবে অসম্ভৱ আছিল। চৰকাৰে এটা সুবিধা কৰি দিছিল। চৰকাৰী ভূমিৰ ১৪ বিঘা কৰ্মচাৰী সকলৰ আৱাসগৃহ বনাবলৈ মহাবিদ্যালয়খনক দিছিল। প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছিল। চৰকাৰে মুকলি কৰি দিছিল ধনৰাশি।

চৰকাৰৰ সেই অভিলাসী সিদ্ধান্তই ১২ বছৰত ভৰি দিলে। কিন্তু নিৰ্মাণ সম্পূৰ্ণ নহ'ল প্ৰস্তাৱিত আৱাসগৃহটোৰ। সেই ঠাই এতিয়া বসতিৰ অনুপযোগী। বিধানসভাতো উত্থাপিত হৈছিল বিষয়টো। পৰিৱৰ্তনকামী বিজেপি চৰকাৰেও পিঠি দিলে বিষয়টোলৈ। কংগ্ৰেছ চৰকাৰৰ দিনতেই আধাৰশিলা স্থাপন হোৱা চৌহদটোলৈ শিক্ষামন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই একেই চৰকাৰৰ দিনতেই কিছু ধন মোকলাই দিয়াৰ আশ্বাস দিয়ে হিমন্ত বিশ্ব শৰ্মাই। এই ধনৰ পৰিমাণ ৭ কোটি। কিন্তু আশ্বাস সঁচাত পৰিণত নহ'ল। উনুকিয়ালে দেখিবলৈ পোৱা যায় ইয়াৰ আঁৰৰ কিছু কথা।

প্ৰথম অৱস্থাত চৰকাৰে মুকলি কৰি দিয়া টকাৰ সদ ব্যৱহাৰ কৰা নাছিল গড়কাপ্তানী বিভাগে। কিছু কাম সম্পাদন কৰাৰ পিছতেই নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ দাম বঢ়াৰ দোহাই দিছিল তেওঁলোকে। কামৰ বিনিময়ত অধিক টকা বিচাৰিছিল। কটন কলেজ কৰ্তৃপক্ষই এই কথাত অমান্তি হ'ল। কাম বন্ধ হ'ল তাৰ পাছতেই। সেই সময়ত হোৱা কেলেংকাৰীৰ বাবে আজিও এনেদৰে পৰিত্যক্তভাৱে চৌহদটো পেলাই ৰখাৰ অভিযোগ সদৌ অসম চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক চন্দ্ৰধৰ দাসৰ। গড়কাপ্তানী বিভাগৰ জনৈক হাতীমুৰীয়া উপাধিৰ এজন ঠিকাদাৰে কৰিছিল এই কাম। সেই সময়ত ২৫০ জন কৰ্মচাৰী থাকিবৰ বাবে নিৰ্মাণ কৰা ঘৰটো প্ৰয়োজনতকৈ সৰু আছিল৷ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে নিৰ্মাণ কৰা ঘৰটোত আছিল ৮ বৰ্গফুটৰ দুটা কোঠা, পাকঘৰ, গা-ধোৱা ঘৰ ইত্যাদিৰে ১২ বৰ্গফুটৰ এটা কোঠা। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ১৮ জনে বাস কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল গৃহটো৷ ঠিক তেনেদৰে তৃতীয় বৰ্গৰ চাৰিজন লোকে বাস কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল গৃহটো৷ অৱশ্যে তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ কোঠাসমূহ কিছু উন্নত আছিল৷ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ঘৰসমূহ নিৰ্মাণ কাৰ্য যথেষ্ট পৰিমাণে আগবাঢ়িছিল৷ আৰু কিছু চেষ্টা কৰা হ'লে বাসৰ উপযোগী হ'লহেতেন কোঠা সমূহ৷

বিগত মাহৰ ১১ তাৰিখে কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক সাক্ষাৎ কৰি আৱাসগৃহ নিৰ্মাণ সন্দৰ্ভত বুজ লৈছিল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পৰিষদে৷ চৰকাৰে টকা মোকলাই নিদিয়াৰ বাবে এই কাম কৰিব পৰা নাই বুলি পৰিষদক জনাইছিল বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই।

বৰ্তমান কৰ্মৰত মুঠ তৃতীয় আৰু চতু্ৰ্থ বৰ্গৰ কৰ্মচাৰী আছে ২০০ জন। বিশ্ববিদ্যালয়ৰ চৌহদত বাস কৰে তেওঁলোকে। অতি কম ঠাইতে থাকিব লগীয়া হৈছে তেওঁলোক। যাক লৈ কৰ্মচাৰীসকল ক্ষোভিত। এই বিষয়ে চৰকাৰক অৱগত কৰিও বিফল তেওঁলোক। কৰ্মচাৰী সকলৰ অভিযোগ ৰূপ নগৰত থকা চৌহদটোৰ দ্বাৰত পূৰ্বে লাগি থকা কটন কলেজৰ ফলকখন আঁতৰাই কটন বিশ্ববিদ্যালয়ৰ ফলকখন কেতিয়া আৰু কোনে লগালে সেয়া তেওঁলোকে নাজানে। মুঠ ১৪ বিঘা ভূমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দুভাগত ভগোৱাৰ এক তথ্যও চৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে। দুবিঘা ভূমি কটন কলেজক দি বাকী ১২ বিঘা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লৈ লৈছিল। সেয়া আছিল কেইবছৰমানৰ পূৰ্বৰ কথা৷ বৰ্তমানৰ কটন বিশ্ববিদ্যালয় তেতিয়াৰ পূৰ্ণ বিশ্ববিদ্যালয় নাছিল৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সেই চৌহদটোৰ ভূমি জোখ মাখ কৰি ভগাই লৈছিল৷ তেতিয়া কটন কলেজ খন বিশ্ববিদ্যালয় পৰ্যায়লৈ যোৱাক লৈ বিভিন্ন অসুবিধাই গা কৰি উঠিছিল কাম কাজত৷ অধ্যক্ষাগৰাকীয়েও বিশেষ ব্যৱস্থা ল'ব পৰা নাছিল৷ কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কিছু কোঠা তাত নিৰ্মাণ কৰাৰ বাবে যো-জা চলিছিল৷

ঠাইখনত অনুসন্ধান চলোৱাত একাংশ লোকে নীতি বহিৰ্ভূতভাৱে চৌহদটোত বেদখল চলোৱাৰ কথাও পোহৰলৈ আহিছে। জনৈক বৰদলৈ উপাধিৰ কোনো লোকে দুবিঘা ভূমিত বেদখল চলোৱা বুলি জানিব পৰা গৈছে। একে স্থানতে থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৱৰ্ক শ্বপৰ দিশৰ পৰা দুষ্ট চক্ৰই চলাইছে এই বেদখল৷ এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি সম্ভ্ৰান্ত কোনো লোকৰ হাত আছে এই ক্ষেত্ৰত।

বিধানসভাত এই সম্পৰ্কত উত্থাপিত হৈছিল এলানি প্ৰশ্নৰ। বিগত বৰ্ষৰ অক্টোবৰ মাহৰ ৩ তাৰিখে উত্থাপিত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ কটন বিশ্ববিদ্যালয়ৰ ৰূপনগৰ চৌহদত মাটি কালি সন্দৰ্ভত সোধা প্ৰশ্নত এই মাটিৰ পৰিমাণ ১৩ বিঘা, ৪ কথা আৰু ৬ লোচা বুলি চৰকাৰে জনাইছিল। পূৰ্বৰ পৰা বেদখল চলাৰ অভিযোগ সঁচাত পৰিণত হৈছিল৷ চৰকাৰী তথ্যত এই ভূমিৰ এটা দিশে বেদখল হৈ থকা বুলিও প্ৰকাশ পাইছিল।

২০০৭ চনত এই আধাৰশিলা স্থাপন কৰিয়েই কামৰ প্ৰতি পিঠি দিলে সেই সময়ৰ শিক্ষামন্ত্ৰী ৰিপুন বৰাই৷ আধাৰশিলা স্থাপনেৰে অভিলেখ সৃষ্টি কৰা চৰকাৰখনে পৰৱৰ্তী সময়ত এই কামৰ প্ৰতি গুৰুত্ব নিদিলে৷ দিন বাগৰি গ'ল, ২০১৬ চনৰ লৈকে কংগ্ৰেছ চৰকাৰৰ হাতত শাসন ভাৰ থকালৈকে এই ৯ বছৰত এবাৰো গুৰুত্ব নিদিলে চৌহদটোৰ নিৰ্মাণৰ কামত৷ ধন মোকলাই ঠিকেই দিলে, কিন্তু কামৰ প্ৰতি চকু দিবলৈ চৰকাৰৰ সময় নহ'ল৷ ৰিপুন বৰাৰ পিছত শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈ হিমন্ত বিশ্ব শৰ্মাই কিছু টকা মোকলাই দিয়াৰ প্ৰয়াস কৰিছিল৷ পূৰ্বৰ টকাৰে কাম আধাত সামৰা বাবে বাকী থকা টকাখিনি চৰকাৰক ঘূৰাই দিবলগীয়া হৈছিল কটন কলেজ কৰ্তৃপক্ষই৷ যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই মোকলাব খোজা ধন মোকলাব নোৱাৰিলে৷

বিজেপি চৰকাৰেও শাসনত বহি প্ৰতিশ্ৰুতি দিছিল যদিও ৰূপ নগৰৰ কটনৰ চৌহদটো একেদৰে পৰি থাকিল৷ মহানগৰ উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য নিমাত৷ মহানগৰীৰ মাজ মজিয়াত থকা ৰূপ নগৰৰ এই বিশেষ স্থানটোলৈ তেওঁৰ গুৰুত্বই নাই৷ বিভিন্ন বিভাগৰ চৰকাৰী কাৰ্যালয় থকা অঞ্চলটোৰে পাৰ হৈ যাওতে হাবি জংঘলেৰে ভৰি থকা চৌহদটো বহু লোকৰে চকুত পৰে৷ কিন্তু কোনোৱেই সেই স্থানক লৈ প্ৰশ্ন নকৰে৷ মহানগৰীৰ মাছৰ বজাৰত গৈ পৌৰ নিগমৰ অভিযন্তাক দম্ভালি মাৰি বজাৰৰ লেতেৰা পৰিৱেশৰ বাবে বজাৰ চীল কৰা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰে আন বহু লোক আছে৷ যি প্ৰয়োজনবোধ কৰিলে বিশ্ববিদ্যালয়খনৰ বাবে যিকোনো কামেই কৰিব পাৰে৷ অবৈধ বেদখল মুক্ত কৰিব পাৰে বিশ্ব বিদ্যালয়ৰ চৌহদটো৷ জন প্ৰতিনিধি অথবা বিষয়া-আমোলাৰ অমনযোগীতাৰ অভিযোগ তুলি একাংশ লোকে তেওঁলোকৰ পকেটলৈ ধন যায় নেকি বুলিও প্ৰশ্ন কৰে৷

বিশ্ববিদ্যালয়খনৰ ৰূপ নগৰ চৌহদটো বেদখল মুক্ত কৰিবৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে বহু প্ৰচেষ্টা হাতত লৈছে৷ কিন্তু এই বেদখল মুক্ত কৰিব পৰা নাই তেওঁলোকে৷ সেই সময়ৰ কটন কলেজ কৰ্তৃপক্ষই কৰ্মচাৰী আৱাস নিৰ্মানৰ বাবে পেলোৱা মাটি একাংশ দুষ্ট চক্ৰই আন ঠাইলৈ সৰবৰাহ কৰিলে৷ দুষ্ট চক্ৰৰ বিৰুদ্ধে থিয় দি কৰ্মচাৰীসকলে এসময়ত ৬খন ঠেলাগাড়ী জব্দ কৰিবলৈ সক্ষম হৈছিল৷ তাৰ পাছতেই এটা গেছ কোম্পানীয়ে চিলিণ্ডাৰ বিতৰণৰ বাবে সেই ঠাই ব্যৱহাৰ কৰিছিল৷ কৰ্মচাৰীসকলৰ তৎপৰতাত উচ্ছেদিত হ'ল সেই কাৰ্য৷

চৰকাৰক কাকূতি মিনতি কৰি কোনো সুফল পোৱা নাই কটন বিশ্ববিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে৷ উৰ্দ্ধতম কৰ্তৃপক্ষৰ বিৰুদ্ধে অৱস্থানো গ্ৰহণ কৰিছিল তেওঁলোকে৷ উৰ্দ্ধতম কৰ্তৃপক্ষক তিনি মাহৰ সময় সীমা বান্ধি দিছে কৰ্মচাৰীসকলে৷ চৰকাৰে কোনো পদক্ষেপ নল'লে প্ৰতিবাদ বহাৰ হুংকাৰ দিলে দুৰ্ভগীয়া কৰ্মচাৰীসকলে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in