শৰৎ চন্দ্ৰ লেখাৰু সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয় শ্ৰেষ্ঠ

শৰৎ চন্দ্ৰ লেখাৰু সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয় শ্ৰেষ্ঠ

ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰে মহানগৰীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত চিভিল ছাৰ্ভিচ এচিভাৰ্ছ পইণ্টৰ উদ্যোগত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় স্বৰ্গীয় শৰৎ চন্দ্ৰ লেখাৰু সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হেমাংগ গগৈ আৰু ছাত্ৰী জেচমিন চুলতানাই। প্ৰথম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতিযোগিতাখনত যুটীয়া ভাৱে শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হেমাংগ গগৈ আৰু সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী কস্তুৰী চেতিয়াই।

"সাম্প্ৰতিক অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটৰ প্ৰচাৰত তথ্যতকৈ ভয়ে অধিক প্ৰাধান্য লাভ কৰিছে" শীৰ্ষক বিষয়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ অধ্যক্ষৰ আসন অলংকিত কৰে অইল ইণ্ডিয়াৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া জয়ন্ত মাধৱ বৰুৱাই। আনহাতে বিচাৰক হিচাপে উপস্থিত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক জিন্টু গোহাঁই আৰু কটন বিশ্ববিদ্যালয়ৰ প্ৰবক্তা কংকন বৰদলৈ। প্ৰতিযোগীতাখনত অংশ গ্ৰহন কৰে ৰাজ্যৰ বহুকেইখন শিক্ষানুষ্ঠানৰ প্ৰায় ১৫টা দলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in