শেহতীয়া খবৰ
কামৰূপ (মঃ)ত লকডাউনৰ শিথিলতা সন্দৰ্ভত দেওবাৰে জনাব সবিশেষ, টুইটাৰযোগে ঘোষণা মুখ্য সচিবৰ...  •  জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী...  •  ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু...  •  মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক  •  চেঙাৰ ছাটাত ড্ৰাগছ ব্যৱসায়িক উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক, VIDEO  •  আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন  •  সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO  •  শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ... VIDEO  •  দিল্লীত ৯৭ সহস্ৰাধিকলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, ২৪ ঘন্টাত ২৫০৫জনৰ দেহত কোভিড-১৯...  •  বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

ঘৰে ঘৰে কটন ছাত্ৰ সমাজৰ ‘কা’ বিৰোধী প্ৰচাৰ…

1,827

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। কেৱল ৰাজপথলৈ ওলাই আহিব বা ৰজাঘৰীয়াক ক’লা পতাকা দেখুৱাইয়ে নহয়, এইবাৰ ভোগালী বিহুৰ মেজি-ভেলাঘৰতো ‘কা’ৰ প্ৰতিলিপি দাহ কৰে ৰাজ্যবাসীয়ে।

উৰুকা আৰু ভোগালী বিহুৰ মেজিত ‘কা’ৰ প্ৰতিলিপি দাহ কৰাৰ পাছতেই বৃহস্পতিবাৰে কটন ছাত্ৰ সমাজে গ্ৰহণ কৰিলে এক বিশেষ পদক্ষেপ। এই জাতিধ্বংসী আইনখনৰ সন্দৰ্ভত ৰাইজক অধিক সজাগ আৰু সচেতন কৰাৰ লক্ষ্যৰে কটন ছাত্ৰ সমাজে ঘৰে ঘৰে জনাব আহ্বান।

‘কা’ বিৰোধী আন্দোলনত শ্বহীদ হোৱা ছেম ষ্টেফ’ৰ্ড, দিপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল আলীম আৰু বীজেন্দ্ৰ পাংগিঙক শ্ৰদ্ধাঞ্জলি জনাই কটনিয়ানে এক প্ৰচাৰ পত্ৰিকাত লিখিছে যে, ‘কা’ বিৰোধী আন্দোলনত ৫জন খিলঞ্জীয়া ডেকাৰ ত্যাগ অথলে নাযায়। আজি অসমীয়া জাতি এক গভীৰ সংকটৰ সন্মুখীন হৈছে। জাতিধ্বংসী এই নাগৰিকত্ব সংশোধনী আইম আমি কেতিয়াও নামানো।

লগতে উল্লেখ কৰিছে যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আৰু অসমীয়া জাতিক জীয়াই ৰাখিবলৈ তেওঁলোকে এক দীঘলীয়া সংগ্ৰামৰ বাবে সাজু হৈছে। এই সংগ্ৰাম দেশৰ সংবিধান ভূ-লুন্ঠিত কৰা, অসম চুক্তিক অমান্য কৰা শক্তিৰ বিৰুদ্ধে। লগতে এই প্ৰচাৰ পত্ৰিকাত এই আইন কিয় নামানে তাৰ ৫টা যুক্তিও কটন ছাত্ৰ সমাজে দাঙি ধৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি