পৰীক্ষা আছিল বেলেগ বিষয়ৰ, কটন বিশ্ববিদ্যালয়ত আসনৰ তালিকাত লিখিলে ইংৰাজী, অস্বস্তিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী, VIDEO

পৰীক্ষা আছিল বেলেগ বিষয়ৰ, কটন বিশ্ববিদ্যালয়ত আসনৰ তালিকাত লিখিলে ইংৰাজী, অস্বস্তিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীন কাণ্ড। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাবে নামানুসৰি সজোৱা ছাত্ৰ-ছাত্ৰীৰ আসনৰ তালিকাত শনিবাৰে থকা বিষয়ৰ পৰীক্ষাৰ সলনি লিখিলে ১২ তাৰিখে হৈ যোৱা পৰীক্ষাৰ নামহে। যাক লৈ চৰম অস্বস্তিত পৰে পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকসকল।

উল্লেখ্য যে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শনিবাৰে আছিল Chemistry, Business Studies, Political Science ইত্যাদি বিষয়ৰ পৰীক্ষা। কিন্তু ছাত্ৰ-ছাত্ৰীৰ আসনৰ নিৰ্দিষ্ট স্থান সন্দৰ্ভত পৰীক্ষাগৃহৰ চৌহদৰ দেৱালত অঁৰা তালিকাত বিষয়ৰ স্থানত লিখিলে ইংৰাজী বিষয়ৰ নাম।

যাৰ বাবে কেবাজনো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাগৃহৰ চৌহদত হাহাকাৰ কৰা দেখা পোৱা গ'ল। ইফালে এই প্ৰসংগত ছাত্ৰ-ছাত্ৰীয়ে সুধিবলৈও উক্ত স্থানত নাছিল কোনো লোক। সকলো লোকে কেবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিব লগা কটন বিশ্ববিদ্যালয়ৰ কেন্দ্ৰৰ এনে কাৰ্যক সমালোচনা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in