বন বিভাগত কেমপা পুঁজিৰ ১৫০ কোটি কোনে খালে…

বন বিভাগত কেমপা পুঁজিৰ ১৫০ কোটি কোনে খালে…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ বন বিভাগ এতিয়া বন সুৰক্ষাৰ বাবে নহয়, বনাঞ্চল গঢ়া আৰু সুৰক্ষাৰ বাবে আৱন্টিত পুঁজি সৰকোৱাৰ বাবেহে বিখ্যাত হৈ পৰিছে। ইয়াৰ নেতৃত্ব লৈছে আকৌ একাংশ শীৰ্ষ পদাধিকাৰীয়েই। যদিও গঁড় হত্যা ৰোধ কৰাত শেহতীয়াকৈ বন বিভাগটোৱে এক অভিলেখ সৃষ্টি কৰা বুলি বাহ বাহ ল'ব বিচাৰিছে, একে সময়তে পিছে ৰাজ্যৰ বনাঞ্চলসমূহত বালি, মাটি, পাহাৰ, কয়লাৰ অবৈধ খননৰ জৰিয়তে ধনৰ লোভত বনজ সম্পদ ধ্বংসৰ বাবে অবৈধ চিণ্ডিকেটেৰেহে অভিলেখ গঢ়া বুলি বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ।

দুৰ্নীতিৰ এই বজাৰ এদিনীয়া নহয়। যোৱা ডেৰ দশকত ভয়ানক ৰূপ ধাৰণ কৰিছে দুৰ্নীতিয়ে। কিন্তু আশ্বৰ্য্যৰ কথাটো হ'ল- পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলতকৈ শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত ই অধিক ভয়াবহ হৈ পৰিছে। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে লাভ কৰা বিস্ফোৰক তথ্যই প্ৰমাণ কৰিছে যে কিদৰে যোৱা ডেৰ দশকত কম্পেনছেটৰী এফ'ৰেষ্টেচন ফাণ্ড মেনেজমেন্ট এণ্ড প্লেনিং অথ'ৰিটী চমুকৈ 'কেমপা'ৰ নামত অনুমোদিত ১৮৪ কোটি ৩৪ লাখ ৭৯ হাজাৰ টকাৰ এক বৃহৎ কেলেংকাৰী সংঘটিত হৈ আহিছে।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় প্ৰকল্প যেনে- এক্সপ্ৰেছ হাইৱে'কে ধৰি ঘাইপথ, ৰে'লপথ, দলঙ আৰু বৃহৎ উদ্যোগ নিৰ্মাণৰ বাবে গছ-গছনি কটা আৰু মাটি ব্যৱহাৰৰ ক্ষতিপূৰণ হিচাপে নিৰ্ধাৰিত পৰিমাণৰ ধন 'কেমপা'ৰ পুঁজিত জমা দিব লাগে। সেই ধন বন বিভাগে গছপুলিৰ বাগিছা আৰু নতুন বনাঞ্চল গঢ়ি তোলাৰ লগতে অত্যাৱশ্যকীয় ক্ষেত্ৰত বন বিভাগৰ সুৰক্ষাত ব্যৱহৃত গৃহৰ মেৰামতি তথা যান-বাহন আদি ক্ৰয়ত ব্যৱহাৰ কৰাটো বাধ্যতামূলক। কিন্তু ১৯১৩ চনৰ পৰা বৰ্তমানলৈকে এই শিতানত লাভ কৰা বৃহৎ পৰিমাণৰ ধন চূড়ান্তভাৱে অপব্যৱহাৰ হোৱা বুলি কংগ্ৰেছ চৰকাৰৰ আমোলৰ পৰাই অভিযোগ উত্থাপিত হৈ আহিছিল যদিও পূৰ্বৰ চৰকাৰে কোনো ব্যৱস্থা নল'লে। এনে পৰিপ্ৰেক্ষিতত পৰিৱৰ্তনৰ শ্ল'গান দি দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বৰ্তমানৰ চৰকাৰখনে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰাইজে আশা কৰিছিল যদিও অতি লক্ষণীয়ভাৱে সেই সময়ত 'কেমপা'ৰ পুঁজি ব্যৱহাৰৰ দায়িত্বত থকা বিষয়াগৰাকীকে বন বিভাগৰ শীৰ্ষতম পদাধিকাৰ হিচাপেহে নিয়োগ কৰা হয়।

স্মৰ্তব্য যে, ২০১৩-১৪ বৰ্ষৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৪৩ টা বন সংমণ্ডল এলেকাত পুলি বাগান আৰু নতুন বনানিকৰণৰ বাবে মুঠ ৪৬০৭৮৭৩৩.২৮ টকা মোকলাই দিয়া হৈছিল। সেই সময়ত অতিৰিক্ত মুখ্য বন সংৰক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা অনিল কুমাৰ সিং আছিল 'কেমপা' অসমৰো মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বত। এওঁ অৱসৰ গ্ৰহণ কৰাৰ পিছতে উক্ত দায়িত্বত অধিষ্ঠিত হয় বৰ্তমান বন বিভাগৰ শীৰ্ষতম পদাধিকাৰ পি চি চি এফ (এইচ অ' এফ) হিচাপে কাৰ্যনিৰ্বাহ কৰা এ এম সিং। অৱশ্যে বন বলৰ শীৰ্ষতম বিষয়াৰ পদবী লাভ কৰাৰ পিছত এম এম সিঙে কেমপাৰ কাৰ্যবাহী বিষয়াৰ পদবীতো চমজাই দিয়ে এছ সিঙক। পিছে এই তিনিও সিঙে লগ লাগি ২০১৩ চনৰ পৰা বৰ্তমানলৈকে লাভ কৰা ১৮৪৩৪৭৯১০০.০০ টকা দৰাচলতে ক'ত ব্যয় কৰা হ'ল তাৰ সঠিক হিচাব নিজেই আজি দেখুৱাব পৰা অৱস্থাত নাই। এই সন্দৰ্ভত কিছুদিন পূৰ্বে অৰণ্য সুৰক্ষা সমিতিৰ সদস্য দিলীপ নাথে আৰ টি আইৰ অধীনত ৰাজ্যত কিমান পুলি বাগান আৰু নতুন বনাঞ্চল 'কেমপা'ৰ পুঁজিৰে গঢ়ি তোলা হ'ল, তাৰ লগতে অন্যান্য পুঁজি ক'ত ক'ত খৰছ কৰা হৈছে, তাৰ তথ্য বিচাৰি এখন আবেদন জনাইছিল যদিও ইয়াৰ উত্তৰত যিসমূহ তথ্য বন বিভাগে তেওঁক দাঙি ধৰিছিল তাৰ বিসংগতিয়ে সকলোৰে চকু কপালত তুলিব।

বন বিভাগৰ মুখ্য কাৰ্যালয়ৰ তথ্য আৰু সংযোগ বিষয়াই দিলীপ নাথক দিয়া তথ্যমতে, বিগত বছৰ সমূহত 'কেমপা'ৰ পুঁজিৰ পৰা ৪৪ টা বন সংমণ্ডলত ১৯৮১.৯৯ হেক্টৰ মাটিৰ পুলি বাগানত গছপুলি উৎপাদন কৰা হয়। একেদৰে ২৯৯৮ হেক্টৰ মাটিত নতুন বনাঞ্চল গঢ়ি তোলা হয়। পাঠক ৰাইজে এই কথাও জনা দৰকাৰ যে কৃষি আৰু বন বিভাগৰ হিচাব মতে এক হেক্টৰ মাটিত নাৰ্ছাৰী বেড আৰু প'লিপট মিলাই উৎপাদন কৰিব পৰা পুলিৰ পৰিমাণ হ'ল ৫০ হাজাৰৰ পৰা ২ লাখৰ ভিতৰত। সেই হিচাবত ১৯৮১.৯৯ হেক্টৰ মাটিত উৎপাদন হ'বলগা পুলিৰ পৰিমাণ হ'ব লাগিছিল ২০ কোটিৰ পৰা ৩৯৬২০০০০০ টা। সেইদৰে প্ৰতি হেক্টৰ মাটিত ৰোপন কৰিব পৰা পুলিৰ সৰ্বাধিক পৰিমাণ হ'ল ১৩০০-২০০০ ভিতৰত। এনে পৰিপ্ৰেক্ষিতত ২০ কোটি পুলি ৰোপন কৰিবলৈ হ'লে ১০,০০০ হেক্টৰ নতুন বনাঞ্চল এই সময়ছোৱাত অসমত গঢ় লৈ উঠিব লাগিছিল। কিন্তু এই বৃহৎ সংখ্যক পুলি বাগানেৰে বিভাগটোৱে দেখুওৱা হিচাব মতে  ২৯৯৮ হেক্টৰ এলেকাতহে নতুন বনাঞ্চল গঢ়ি তুলিলে যদিও তাৰ অস্তিত্ব অসমৰ ৰাইজে ৰাভা হাছং এলেকাৰ বাহিৰে ক'তো দেখিবলৈ পোৱা নাই।

অতি তাৎপৰ্য্যপূৰ্ণ ৰাণী সংৰক্ষিত বনাঞ্চলত আকৌ বহু পুৰণি চেগুন বাগান এখনতে মুখ্যমন্ত্ৰীৰ সেউজ উদ্যান বুলি লিখা ফলক আঁৰিও 'কেমপা'ৰ পুঁজিৰ লগতে মুখ্যমন্ত্ৰী সেউজ উদ্যানৰ পুঁজিও আত্মসাৎ কৰা হৈছে। একেদৰে কামৰূপ পূৱ সংমণ্ডলত আপুৰুগীয়া বৃক্ষ ৰোপন বুলিও ২০১৬-১৭ বৰ্ষতে ১৬,৫৭০০০ টকা আৰু ২০১৮-১৯ বৰ্ষতো সম পৰিমাণৰ টকা ব্যয় কৰা বুলি দেখুওৱা হৈছে। দিলীপ নাথৰ আৰ টি আইৰ আবেদনৰ উত্তৰত বন বিভাগে দেখুওৱা তথ্যমতে, ২০১০-১১ বৰ্ষত ১০,৪৪,৮৭,০০০০ টকা, ২০১২-১৩ত ১৫,০৫,৯২১০০ টকা, ২০১৩-১৪ত ১৩,০০০০০০০ টকা, ২০১৬-১৭ত ৩০,০০০০০০০ টকা, ২০১৭-১৮ত ৭০,০০০০০০০ টকা, ২০১৮-২০১৯ত ৪৫,৮৪,০০০০০ টকাকে ধৰি সৰ্বমুঠ ১৮৪,৩৪,৭৯১০০ টকা বন বিভাগে 'কেমপা'ৰ শিতানত লাভ কৰিছিল।

কিন্তু এই ধনৰ ব্যয় সন্দৰ্ভত যি তথ্য বন বিভাগে আগবঢ়ালে সেই অনুসৰি ৩২,৮৯,৯৭৩২৭.২৪ টকাৰ হিচাবহে তেওঁলোকে স্পষ্টভাৱে আগবঢ়াবলৈ সক্ষম হয়। অৱশ্যে ইয়াৰ উপৰিও ২০১৪-১৫ বৰ্ষত ৪ খন গাড়ী ক্ৰয় কৰাৰ বাবদ ৩৩,৯৮৩৪৯ টকা ব্যয় কৰা বুলি দেখুওৱা হৈছে। ৭টা সংমণ্ডলৰ ৰেঞ্জ অফিচাৰ, ফৰেষ্টাৰ, ফৰেষ্ট গাৰ্ড, ফৰেষ্ট বেটেলিয়ানৰ বেৰেক আদিৰ লগতে নিৰীক্ষণ চকী নিৰ্মাণ কৰাৰ বাবেও 'কেমপা'ৰ পুঁজি ব্যৱহাৰৰ কথা কোৱা হৈছে যদিও ইয়াৰ স্পষ্ট হিচাব বিভাগটোৱে আগবঢ়াব নোৱাৰিলে। একেদৰে ৬টা বন্যপ্ৰাণী সংমণ্ডলত এন্টি পৰ্ছিং কেম্প, ৰেঞ্জাৰৰ বাসভৱন, হাতী প্ৰৱেশ কৰিব নোৱাৰা নলা খন্দা, ফৰেষ্ট বেৰেক আদি নিৰ্মাণতো ধন ব্যয় কৰা বুলি দেখুওৱা হৈছে যদিও সেই পৰিমাণ কিমান সেয়া উল্লেখ কৰা হোৱা নাই। ইয়াৰ উপৰি অতি আশ্বৰ্য্যজনকভাৱে তিনিচুকীয়াৰ ৱাইল্ড লাইফ ডিভিজনতো নাৰ্ছাৰী নিৰ্মাণ কৰাৰ এক তথ্য দেখুওৱা হৈছে যদিও বিভাগীয় বিধিমতে বন্যপ্ৰাণীৰ বিচৰণ এলেকাত নাৰ্ছাৰী নিৰ্মাণ অথবা ডাঙৰ গছ ৰোপনৰ কোনো ব্যৱস্থা নাই। অথচ এই সংমণ্ডলটোত নাৰ্ছাৰীৰ বাবে ব্যয় কৰা দেখুওৱা হৈছে ১১,৩৫০০০ টকা।

সবাতোকৈ ডাঙৰ কথাটো হ'ল বিভাগটোৱে আৰ টি আইৰ উত্তৰত দেখুওৱা পুঁজিত ১৫১,০০০০০০০ টকা কি কামত আৰু ক'ত ব্যৱহাৰ কৰা হ'ল তাৰ কোনো হিচাব দিয়া নাই। সেয়ে অতি স্বাভাৱিকভাৱে উত্থাপিত অভিযোগটো হ'ল- সংশ্লিষ্ট বিষয়া বৰ্গই পুলি বাগান আৰু নতুন বনাঞ্চলৰ ভুৱা তথ্য দাখিল কৰি টকা আত্মসাৎ কৰাতে ক্ষান্ত থকা নাই। পোনপোটীয়াভাৱেই যোৱা সময়ছোৱাত প্ৰায় ডেৰশ কোটি টকা আত্মসাৎ কৰিছে আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতে আত্মসাৎ কৰা ধনৰ পৰিমাণো সৰ্বাধিক বুলি স্পষ্ট অভিযোগ উত্থাপিত হৈছে। কিয়নো এই সময়ছোৱাত ব্যয় কৰা বৃহৎ পুঁজিৰ হিচাব দিয়াত ব্যৰ্থ হৈছে বিভাগটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in