বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত ১৭হাজাৰো অধিক লোক…

বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত ১৭হাজাৰো অধিক লোক…

ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় অনুসৰি বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪০৭গৰাকী লোকৰ। ইফালে এই সময়খিনিত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৭,২৯৬গৰাকী লোক। বৰ্তমান সমগ্ৰ দেশত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ৪,৯০,৪০১গৰাকী। আশাৰ খবৰটো হ'ল যে, ইয়াৰে ২,৮৫,৬৩৭গৰাকী লোক ইতিমধ্যে আৰোগ্য হৈ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in