চীন, শ্ৰীলংকাৰ পিছত এইবাৰ ভাৰতলৈও বিয়পিছে কোৰোনা ভাইৰাছ! কেইবাখনো ৰাজ্যত পোৱা গৈছে সন্দেহজনক ৰোগী

চীন, শ্ৰীলংকাৰ পিছত এইবাৰ ভাৰতলৈও বিয়পিছে কোৰোনা ভাইৰাছ! কেইবাখনো ৰাজ্যত পোৱা গৈছে সন্দেহজনক ৰোগী

ডিজিটেল ডেস্কঃ বিশ্বব্যাপী সন্ত্ৰাসৰ সৃষ্টি কৰিছে কোৰনা ভাইৰাছে। চীনৰ পিছত এতিয়া বিশ্বৰ অন্য ১৬ খন দেশলৈও এই ভাইৰাছ সংক্ৰমণ হোৱাৰ খবৰ পোৱা গৈছে। কেৱল চীনতে এই ভাইৰাছৰ ফলত বৰ্তমানলৈকে ১০৬ জন লোকৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে চীন চৰকাৰে। আনহাতে ৰাষ্ট্ৰখনৰ ৪৫০০ৰো অধিক লোকৰ দেহত পোৱা গৈছে কোৰোনা ভাইৰাছৰ বীজানু।

চীনৰ এই ভাইৰছৰ সংক্ৰমণৰ বলি হোৱা হোৱা চহৰ সমূহৰ সৈতে সাময়িকভাৱে বন্ধ কৰি ৰখা হৈছে সকলো যোগাযোগ ব্যৱস্থা। কোৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত একপ্ৰকাৰ চহৰবন্দী হৈ পৰিছে ৱুহানৰ লগতে আন কেইবাখনো চহৰৰ নাগৰিক। নিতৌ এই ভাইৰাছ ৰাষ্ট্ৰখনৰ অন্য চহৰলৈও সংক্ৰমণ হ'বলৈ ধৰাৰ পৰিপ্ৰেক্ষিততে সকলো সংযোগ ব্যাহত কৰি ৰখা হৈছে। সোমবাৰে চীনৰ ৰাজধানী বেইজিঙতো কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বলি হৈ প্ৰথমটো মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে।

ইফালে চীনৰ পিছত শ্ৰীলংকাটো কোৰোনা ভাইৰাছৰ প্ৰথমটো সংক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। নেপালতো এই ভাইৰাচৰ ফলত এজন লোক অসুস্থ হোৱা বুলি নিশ্চিত কৰা হৈছে। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চীনত থকা আমেৰিকান নাগৰিকসকলক সুকলমে উভতাই নিয়াৰ যো জা চলাইছে মাৰ্কিন চৰকাৰে।

বিশ্বৰ অন্য ৰাষ্ট্ৰৰ পিছত এইবাৰ ভাৰততো কোৰোনা ভাইৰাছৰ সংক্ৰমণ ঘটাৰ সন্দেহ ব্যক্ত কৰিছে স্বাস্থ মন্ত্ৰণালয়ে। ভাৰতৰ কেইবাখনো চহৰত এই ভাইৰাছৰ সংক্ৰমণৰ আশংকা কৰা হৈছে। যাৰ বাবে প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে। মুম্বাই, বাংগালুৰু, হায়াদৰাবাদৰ পিছত দিল্লীত এই ভাইৰাছৰ সংক্ৰমণৰ বলি হোৱা সন্দেহজনক ৰোগী ধৰা পৰিছে।

আনহাতে চীনত কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সোমবাৰে চীনত অধ্যয়নৰত গুজৰাটী ছাত্ৰসকলক সুকলমে ভাৰতলৈ উভতাই অনাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়লৈ পত্ৰ লিখিছিল গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতে মঙলবাৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে চীনত কোনো ভাৰতীয় ছাত্ৰ বৰ্তমানলৈকে এই ভাইৰাছত আক্ৰান্ত হোৱা নাই। চীনত থকা ভাৰতীয় ছাত্ৰ সকলক উভতাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে এছ জয়শংকৰে।

ভাৰতৰ কেইবাখনো ৰাজ্যত কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ আশংকাঃ

পঞ্জাৱ আৰু হাৰিয়ানাত কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বলি হোৱা বুলি সন্দেহ কৰা দুই ৰোগীৰ চিকিৎসা চলাই থকা হৈছে। পঞ্জাৱৰ মোহালিত এজন আৰু হাৰিয়ানাৰ দুখন পৃথক পৃথক জিলাৰ দুজন ৰোগীক কোৰোনা ভাইৰাছৰ প্ৰাথমিক লক্ষণৰ আধাৰত চিকিৎসা চলাই থকা হৈছে। জানিব পৰা মতে, এই তিনিওজন লোকেই কিছুদিন পূৰ্বে চীন ভ্ৰমণ কৰিছিল। সন্দেহজনক এই ৰোগী কেইজনৰ উপৰিও তেওঁলোকৰ পৰিয়ালকো আইছ'লেশ্যন ৱাৰ্ডত ৰাখি বিশেষ চিকিৎসা প্ৰদান কৰা হৈছে বুলি জনাইছে হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল বীজে। আনহাতে এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰসমূহত বিদেশৰ পৰা উভতি অহা প্ৰতিজন যাত্ৰীক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসা কেম্প বহুৱাইছে চৰকাৰে।

দিল্লীতো এই ভাইৰাছৰ সংক্ৰমণৰ বলি হোৱা ৩ জন সন্দেহজনক ৰোগী ধৰা পৰিছে। ৰাম মনোহৰ লোহিয়া হাস্পতালৰ চিকিৎসা বিষয়া ডা- মিনাক্ষী ভৰদ্বাজে সদৰী কৰা মতে, এই সংক্ৰমণৰ বলি হোৱা বুলি আশংকা কৰা ৩ জন ৰোগীক বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু তেওঁৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। দিল্লীৰ উপৰিও ছণ্ডীগড় আৰু বিহাৰতো কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ সন্দেহ কৰা ৰোগী পোহৰলৈ আহিছে। ছণ্ডীগড়ত চীন ভ্ৰমণ কৰি অহা ৩ জন ৰোগীক বৰ্তমান চিকিৎসা চলাই থকা হৈছে। চিকিৎসকে সদৰী কৰা মতে, এই আটাইকেইজন ৰোগীৰ দেহতে কোৰোনা ভাইৰাছৰ প্ৰাথমিক লক্ষণসমূহ দেখা গৈছে। ইফালে বিহাৰৰ পাটনাত সদ্য চীন ভ্ৰমণ কৰি অহা এগৰাকী যুৱতীৰ দেহত কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ সন্দেহ কৰিছে চিকিৎসকে। চিকিৎসকে জানিবলৈ দিয়া মতে, কোৰোনা ভাইৰাছ কেৱল স্পৰ্শৰ দ্বাৰাই সংক্ৰমিত হ'ব পাৰে।

কোৰোনা ভাইৰাছৰ এনে সংক্ৰমণৰ আশংকাত দিল্লী, মুম্বাই, তামিলনাডুকে ধৰি বিভিন্ন ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰসমূহত মেডিকেল কেম্প লগোৱা হৈছে। এই কেম্পত বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in