চীনত কোৰোনা ভাইৰাছে প্ৰাণ ল’লে প্ৰায় ১৮০০ লোকৰ…

চীনত কোৰোনা ভাইৰাছে প্ৰাণ ল’লে প্ৰায় ১৮০০ লোকৰ…

ডিজিটেল ডেস্কঃ সংহাৰী ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছে চীনত প্ৰাণ ল'লে ১৭৮৯ ৰো অধিক লোকৰ। যোৱা সোমবাৰে চীনত এই ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৯৮ জন লোকে। ইয়াৰে ৯৩ গৰাকী ৰোগী চীনৰ হুৱাই প্ৰান্তৰ। চীনৰ সংবাদমাধ্যমৰ খবৰনুসৰি, এই ভাইৰাছত প্ৰতিদিনে আক্ৰান্ত হৈছে ১৮০৭ গৰাকী লোক। বৰ্তমান চীনত ৭২,৪৩৬ গৰাকী লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ আছে। প্ৰাপ্ত খবৰুনসৰি, কোৰোনা ভাইৰাছত আক্ৰান্ত চীনৰ ১১,৭৪১ গৰাকী ৰোগীৰ অৱস্থা বৰ্তমানেও সংকটজনক। ইফালে চিকিৎসা দান কৰি আৰোগ্য লাভ কৰা ১,২২৩ গৰাকী লোকক ঘৰলৈ যাবলৈ দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in