কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনাই সমগ্ৰ বিশ্বকে ধৰি ভাৰততো প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে। এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ দেশজুৰি অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন। এই লকডাউনৰ সময়চোৱাত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰবাসী শ্ৰমিকসকলক নিজ নিজ ৰাজ্যলৈ ঘূৰাই পঠিওৱাৰ বাবে ৰে'লযোগে লৈ যোৱা হৈছে।

এই সংকটৰ মাজতে কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দেশৰ ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ যাব নোৱাৰিব কোনো লোক। কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যখনৰ চৰকাৰে। কৰ্ণাটক চৰকাৰে তামিলনাডু, গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পৰা ৰাজ্যখনলৈ ঘূৰি যাব লগা লোকসকলক প্ৰৱেশত অনুমতি নিদিয়াৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে, দেশৰ ভিতৰত সৰ্বাধিক লোক কোৰোনাত আক্ৰান্ত হোৱাৰ তালিকাৰ শীৰ্ষত আছে এই ৫খন ৰাজ্য। কেৱল মহাৰাষ্ট্ৰতেই ৫৬,৯৪৮জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। তদুপৰি ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে ১,৮৯৭জনকৈ লোক।

আনহাতে, কৰ্ণাটকতো ব্যাপক প্ৰভাৱ পৰিছে কোৰোনা ভাইৰাছত । ৰাজ্যখনত ২,৫৩৩জনলৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪৭জনকৈ লোক। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in