COVID-19ৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পোৱাৰ সন্দৰ্ভত কি ক’লে স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিবে…

COVID-19ৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পোৱাৰ সন্দৰ্ভত কি ক’লে স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিবে…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে কোৰোনাত আক্ৰান তথা মৃত্যু হোৱা লোকৰ সংখ্যা। বৰ্তমানলৈ ভাৰতত ৩৮০০ৰো অধিক লোক COVID-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে ১০০ৰো অধিক লোকৰ মৃত্যু হৈছে এই ভাইৰাছৰ ফলত।

স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা অনুসৰি, দেশৰ প্ৰায় ২৭২জন জিলাত কোৰোনা ভাইৰাছ বিয়পি পৰিছে। লগতে জনাই যে, কিয় দেশত তীব্ৰগতিত বিয়পিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লৱ আগৰৱালে কয় যে, দিল্লীত শেহতীয়াকৈ অনুষ্ঠিত হোৱা তবলিগি জামাতত ধৰ্মীয় সমাবেশ অনুষ্ঠিত কৰাৰ পাছৰে পৰা দেশত বৃদ্ধি পাইছে COVID-19 ভাইৰাছ বিয়পাৰ গতি। ইয়াৰ ফলত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে।

যদি তবলিগি জামাত ধৰ্মীয় সমাবেশ নহ'ল হেঁতেন তেন্তে সংক্ৰমণ দুগুণ হ'বলৈ প্ৰায় ৭ দিন অধিক প্ৰয়োজন হ'ল হয়। এই কথাও ক'লে স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিবগৰাকীয়ে। তেওঁ লগতে কয়- কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে  দেশত ঘোষণা কৰা লকডাউনৰ পাছত চৰকাৰে ইয়াৰ সমীক্ষা কৰি আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in