কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ গৈ বাইকত সংঘটিত অগ্নিকাণ্ড… চাওঁক VIDEO

কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ গৈ বাইকত সংঘটিত অগ্নিকাণ্ড… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতেই কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতত প্ৰায় ২ লাখ লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। কোভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে চাফ-চিকুণতাত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সকলোৱে হাত ছেনিটাইজ কৰাৰ লগতে মাস্ক পৰিধান কৰিছে।

কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি সকলোৱে এই দিশসমূহত বিশেষ নজৰ ৰাখিছে। কিন্তু তাৰ মাজতে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এখন বাহন ছেনিটাইজ কৰাৰ সময়তে সংঘটিত হয় অগ্নিকাণ্ড। এই ঘটনা সংঘটিত হৈছে গুজৰাটত।

দৰাচলতে, গুজৰাটৰ আহমেদাবাদত এটা ব্যক্তিগত কোম্পানীৰ গেটৰ কাষতে শাৰী পাতি ইখনৰ পাছত সিখনকৈ বাহন ছেনিটাইজাৰ স্প্ৰে' কৰি থকা হয়। কিন্তু সেই সময়তে এজন ব্যক্তিৰ বাইকখন যেতিয়া ছেনিটাইজ কৰাৰ বাবে ছেনিটাইজাৰ স্প্ৰে' কৰে, হঠাৎ বাইকখনত সংঘটিত হয় অগ্নিকাণ্ড। অৱশ্যে উক্ত স্থানত উপস্থিত থকা ছিকিউৰিটী গাৰ্ডে তৎকালীনভাৱে সেই জুই নুমুৱাই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in