কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতক সহায়ৰ হাত আগবঢ়াইছে চীনে। চীনে ১.৭০ লাখ পাৰ্ছনেল প্ৰটেক্টিভ ইকিউপমেন্ট চমুকৈ পিপিই প্ৰদান কৰিছে ভাৰত চৰকাৰক। উল্লেখ্য যে, ভাৰতত পূৰ্বৰে পৰা প্ৰায় ২০হাজাৰ পিপিই আছে। আৰু চীনৰ পৰা লাভ কৰাৰ পাছত মুঠ ১.৯০ লাখ পিপিই বৰ্তমান ভাৰত চৰকাৰৰ তাত মজুদ আছে বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই পিপিই সমূহ চিকিৎসালয়সমূহত দিয়া হ'ব। তদুপৰি ২ লাখ এন-৯৫ মাস্ক ইতিমধ্যে দেশৰ চিকিৎসালয়সমূহত প্ৰদান কৰা হৈছে। আৰু এতিয়াও চৰকাৰৰ ওচৰত ১৬ লাখ এন-৯৫ মাস্ক জমা আছে।

COVID-19ত ৬ এপ্ৰিলৰ সন্ধিয়া ৭ বজালৈ প্ৰায় ৪৫০০ৰো অধিক লোক ভাৰতত আক্ৰান্ত হৈছে। আৰু এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ১২৫জনলৈ। অৱশ্যে কোৰোনাত আক্ৰান্ত ৩৪২জন লোক সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in