লকডাউনঃ ৰাজ্যসমূহৰ সীমান্ত ছীল কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ…

লকডাউনঃ ৰাজ্যসমূহৰ সীমান্ত ছীল কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে লকডাউন ঘোষণা কৰাৰ পাছত একাংশই এই নিয়ম উলংঘা কৰা দেখা গৈছে। দিল্লীতো চুবুৰীয়া ৰাজ্যসমূহৰ শ শ লোকে বাছ আস্থানসমূহত ভিৰ কৰা খবৰ প্ৰকাশ পাইছে।

আৰু এনেদৰে শ শ লোক লকডাউনৰ সময়চোৱাত এনেদৰে পথলৈ ওলাই অহাতো অতিকৈ চিন্তনীয়। সেয়েহে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে যে, যিসকল লোকে লকডাউন উলংঘা কৰি এঠাইৰ পৰা আন ঠাইলৈ গৈছে তেওঁলোকক কমেও ১৪দিনৰ বাবে আছুতীয়াকৈ ৰাখিব লাগে।

এই নিৰ্দেশ প্ৰতিখন ৰাজ্য চৰকাৰক দিয়া হৈছে কেন্দ্ৰৰ ফালৰ পৰা। তদুপৰি লকডাউনউলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাও গ্ৰহণ কৰিছে চৰকাৰে। আৰু সকলো ৰাজ্যৰ সীমাসমূহ ছীল কৰি দিয়া হৈছে। লগতে ৰাজ্য চৰকাৰসমূহক ৰাষ্ট্ৰীয় ঘাইপথত অত্যাৱশ্যকীয়সেৱাৰে জড়িতৰ বাদে আনবোৰ বাহন যাতে চলাচল কৰিব নোৱাৰে তাৰ ওপৰত নজৰ ৰাখিবলৈওনিৰ্দেশ দিয়া হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in