বটদ্ৰৱাৰ যুৱ সাহিত্যিক বিকাশ হাজৰিকালৈ বিশাখা স্পিচিয়েল ৱেলফেয়াৰ ফাউণ্ডেছনৰ ‘কোৰোনা যোদ্ধা’ৰ ৰাষ্ট্ৰীয় বটাঁ…

বটদ্ৰৱাৰ যুৱ সাহিত্যিক বিকাশ হাজৰিকালৈ বিশাখা স্পিচিয়েল ৱেলফেয়াৰ ফাউণ্ডেছনৰ ‘কোৰোনা যোদ্ধা’ৰ ৰাষ্ট্ৰীয় বটাঁ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কোৰোনা মহামাৰীৰ সঙ্কটৰ সময়ত একাগ্ৰতাৰে নিজৰ সৃষ্টি ৰাজী অক্ষুণ্ণ ৰখা তথা কভিড-১৯ ৰ সম্পূৰ্ণ নীতি নিৰ্দেশনা মানি, সম্পূৰ্ণ সুস্থ মানসিকতাৰে মহামাৰিৰ লগত জড়িত বিভিন্ন বিজ্ঞাপন তথা শিশুৰ মনোবিকাশ আৰু অনলাইন মাধ্যমৰ যোগেদি নিয়মীয়া শিক্ষাদান কৰি ছাত্র-ছাত্ৰীৰ মনোবিকাশত অগ্ৰণী ভুমিকা পালন কৰি অহা নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ভালুকমাৰী গাঁৱৰ বিকাশ হাজৰিকালৈ বিশাখা স্পিচিয়েল ৱেলফেয়াৰ ফাউণ্ডেছনৰ ক'ৰোণা যুদ্ধাৰ ৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শমতে চৰকাৰৰ নিৰ্দেশনা অনুযায়ী নতুন দিল্লীৰ বিশাখা স্পিচিয়েল ৱেলফেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত অহা ডিচেম্বৰ মাহৰ পোন্ধৰ তাৰিখে আনুষ্ঠানিক ভাৱে দেশৰ এশ গৰাকী বিশিষ্ট ব্যক্তিক এই বটা প্ৰদান কৰা হ'ব।

উল্লেখ্য যে, বিকাশ হাজৰিকাৰ লগতে এই ৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে অসমৰ আৰু আঠজন বিশিষ্ট ব্যক্তিক মনোনীত কৰা হৈছে। যুৱ সাহিত্যিক তথা ৰহা ৰিজনেন্স বিদ্যাপিঠ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যাপক বিকাশ হাজৰিকাক উক্ত বটাৰ বাবে নিৰ্বাচিত কৰাত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in