কোভিড-১৯ঃ জাৰ্মানীৰ পাছত ফ্ৰান্স, ইটালীক চেৰ পেলোৱাৰ দিশে ভাৰত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। পূৰ্বে বিশ্বৰ ভিতৰত সৰ্বাধিক কোৰোনাত আক্ৰান্ত দেশসমূহৰ ক্ষেত্ৰত worldometers-ত প্ৰকাশিত অনুসৰি তালিকাৰ নৱম স্থানত থকা ভাৰত অষ্টম স্থানলৈ আহিল। ১,৮১৯,৭৯৭ গৰাকী মুঠ আক্ৰান্তৰে তালিকাৰ প্ৰথমস্থানত আছে আমেৰিকা। তালিকাৰ দ্বিতীয় স্থানত আছে ব্ৰাজিল। দেশখনত কোৰোনাত এতিয়ালৈকে মুঠ আক্ৰান্ত হৈছে ৫০১,৯৮৫ গৰাকী লোক।

তালিকাৰ তৃতীয়স্থানত ৰাছিয়া। চতুৰ্থত স্পেইন আৰু পঞ্চম স্থানত আছে ইংলেণ্ড। ২,৩২,৬৬৪ গৰাকী কোৰোনা ৰোগীৰ সৈতে তালিকাৰ ষষ্ঠ স্থানত ইটালী। সপ্তম স্থানত ১,৮৮,৬২৫ গৰাকী কোৰোনা ৰোগীৰ সৈতে ফ্ৰান্স আছে। তালিকাৰ অষ্টম স্থানত থকা ভাৰতত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে ১,৮৬,৩৭১ গৰাকী।

ভাৰতত প্ৰতিমুহুৰ্ততে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰতত দেওবাৰৰ পুৱাভাগলৈকে শেহতীয়া ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৮,৩৮০ গৰাকী লোক। সেই একেচোৱা সময়তে ১৯৩ গৰাকী লোকে কোৰোনাৰ ফলত প্ৰাণ হেৰুৱাইছে। ভাৰতত আৰু প্ৰায় ২ হেজাৰ লোক কোৰোনাত আক্ৰান্ত হ'লেই দেশৰ ১০ খন সৰ্বাধিক কোৰোনাত আক্ৰান্ত দেশৰ তালিকাৰ ভিতৰত সপ্তম স্থানলৈ আহিব ভাৰত। ভাৰতত এতিয়ালৈকে কোৰোনাৰ ফলত মৃত্যু হৈছে ৫,২৬৯ গৰাকী লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in