সৰ্বাধিকঃ যোৱা ২৪ ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত ১৪,৫১৬ গৰাকী

সৰ্বাধিকঃ যোৱা ২৪ ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত ১৪,৫১৬ গৰাকী

ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ১৪,৫১৬ গৰাকী লোক। এই সময়খিনিত ৩৭৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ইফালে আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা যোৱা ২৪ ঘন্টাতে পূৰ্বৰ তুলনাত কোৰোনাত আক্ৰান্ত হৈছে সৰ্বাধিক লোক।

ভাৰতত বৰ্তমান কোৰোনাত আক্ৰান্ত সৰ্বমুঠ লোকৰ সংখ্যা হৈছেগৈ ৩,৯৫৮৪১ গৰাকী। ভাৰতত এতিয়ালৈকে সুস্থ হৈছে ২,১৪,২০৯ জন লোক। উল্লেখ্য যে, ভাৰতত এতিয়ালৈকে কোৰোনাৰ ফলত মৃত্যু হৈছে ১২,৯৭০ গৰাকী লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in