কোৰোনা ভাইৰাছ সম্পৰ্কীয় সকলো খবৰ একেলগে, LIVE UPDATES

কোৰোনা ভাইৰাছ সম্পৰ্কীয় সকলো খবৰ একেলগে, LIVE UPDATES

কোৰোনা ভাইৰাছৰ সন্দৰ্ভত সকলো খবৰ এই লিংকত আপডেট কৰি থকা হ'ব। কিবা নতুন খবৰ আহিলেই আপোনালোকে সেই খবৰ লাভ কৰিব এই লিংকত। সঠিক খবৰ যাতে ৰাইজে লাভ কৰে তাৰ বাবে ২৪ ঘন্টাই আপডেট হৈ থাকিব দেশ-বিদেশৰ লগতে অসমৰ সকলো খবৰ।

২৮ মাৰ্চ

২৮ মাৰ্চ, দিনৰ ২.৩০ বজাতঃ শনিবাৰে দিনৰ ২.৩০ বজালৈকে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছেহৈ ৬০১,৫১৮। ইফালে মৃত্যুৰ সংখ্যা হৈছে ২৭,৪৩৮ ।বৰ্তমানলৈকে কোৰোনাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১৩৩,৪৫৪।

২৮ মাৰ্চঃ পুৱা ৯.০০ বজাতঃ শনিবাৰে পুৱা ৯ বজালৈকে এই সংখ্যা হৈছেগৈ ৫৯৭,২৬৭ । ইফালে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২৭,৩৬৫ গৰাকী। আশাৰ বতৰা এইয়ে যে, বৰ্তমানলৈকে বিশ্বত মহামাৰী কোৰোনাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ১৩৩,৩৬৩ গৰাকী।

২৭ মাৰ্চ, নিশা ১২.০০ বজাতঃ ভাৰততে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৮৮৭ জনলৈ। ইফালে, দেশত বৰ্তমানলৈকে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২১জন লোকৰ। শুকুৰবাৰেবাৰে নতুনকৈ ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ১৬০ৰো অধিক লোকৰ।

২৭ মাৰ্চ, নিশা ১১.৪৫ বজাতঃ দিল্লীত ৬০ বছৰীয়া এগৰাকী ৰোগীৰ মৃত্যু। ২৪ মাৰ্চত ভৰ্তি কৰা হৈছিল হস্পাতালত।

২৭ মাৰ্চ, নিশা ৮ বজাতঃ ৰাজস্থানত আৰু ৭জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। বৰ্তমানলৈ ৰাজ্যখনত COVID-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৫০জনলৈ বৃদ্ধি।

২৭ মাৰ্চ, বিয়লি ৬.২৮ বজাতঃ প্ৰধানমন্ত্ৰী মোডীয়ে ব্ৰিটিছ প্রধানমন্ত্ৰী মৰিছ জনচনৰ আশুআৰোগ্য কামনা কৰিছে। ইংলেণ্ডৰ প্রধানমন্ত্ৰীগৰাকীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি।

২৭ মাৰ্চ, বিয়লি ৬.২৭ বজাতঃ কেৰালাত এতিয়ালৈকে ১৭৬জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰে ১২জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে।

২৭ মাৰ্চ, বিয়লি ৬.২৫ বজাতঃ তেলেংগানাত আৰু ১০জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ৰাজ্যখনত মুঠ কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৯জনলৈ বৃদ্ধি।

২৭ মাৰ্চ, বিয়লি ৫.৩০ বজাঃ ৰাজ্যৰ সকলো বজাৰ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বন্ধ থাকিব। কেৱল গেলামালৰ দোকান, ফাৰ্মাচীহে খোলা ৰাখিব লাগিব। ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই প্ৰসংগত জাৰি কৰিছে নিৰ্দেশনা। পাচলি, ফল-মূল আৰু পানী উপলব্ধ হ'ব গেলামালৰ দোকানত। ৩১ মাৰ্চলৈকে মাছ আৰু মাংসৰ দোকানসমূহ বন্ধ থাকিব।

২৭ মাৰ্চ, বিয়লি ৫.২০ বজাঃ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। পৰীক্ষাত তেওঁৰ দেহত পোৱা গৈছে কোৰোনা ভাইৰাছৰ অৱস্থিতি। আক্ৰান্ত হ'লেও দায়িত্ব এৰি নিদিয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰাকীয়ে। নিজকে পৃথক কৰি ৰাখিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

২৭ মাৰ্চ, বিয়লি ৪.২০ বজাঃ অসম চৰকাৰে ৪-৫ বছৰলৈকে চলিব পৰাকৈ ৫খন হাস্পতাল নিৰ্মাণ কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত। ডিব্ৰুগড়, গুৱাহাটীত স্থান নিশ্চিত কৰা হৈছে। প্ৰতিখন হাস্পতালত ৪০ ৰ পৰা ৪৫ কোটি টকা খৰচ হ'ব বুলি ধাৰণা কৰা হৈছে।

২৭ মাৰ্চ, বিয়লি ৪.০০ বজাঃ অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। বৰ্তমানলৈকে ৩০৮ জন লোকৰ নমুনা সংগ্ৰহ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। ইয়াৰে ৩১ টা নমুনা শুকুৰবাৰে সংগ্ৰহ কৰা হয়। ইয়াৰ লগতে শুকুৰবাৰলৈকে ২৭৭ টা নমুনা সংগ্ৰহ কৰা হৈছিল। বৰ্তমান লৈকে এজনো লোকৰ দেহত কোৰোনাৰ উপস্থিতিৰ কথা জানিব পৰা হোৱা নাই।

২৭, বিয়লি ৩.০০ বজাঃ ভাল খবৰ। নিউ গুৱাহাটীৰ অসুস্থ মেধাৱী ছাত্ৰজনৰ কোৰোনা পৰীক্ষা সম্পন্ন। বৃহস্পতিবাৰে ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত। তেওঁৰ দেহত নাই কোভিড-১৯।

২৭ মাৰ্চ, বিয়লি ২.০০ বজাঃ অসম চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা সন্দৰ্ভত বিশেষ সিদ্ধান্ত। কৰ্মচাৰীৰ মাৰ্চ মাহৰ দৰমহাৰ ১০ৰ পৰা ২০% হ'ব কৰ্তন। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চৰকাৰক সহযোগিতা কৰাৰ আহ্বান চৰকাৰৰ। অহা বিত্তীয় বৰ্ষত কৰ্তন কৰা দৰমহা ঘূৰাই পাব ৪.৫%সূদত।

২৭ মাৰ্চ, দুপৰীয়া ১২.৫৫ বজাঃ ছয়মাইলত থকা এয়াৰটেল বিপিঅ' কনভাৰেজত কৰ্মচাৰীসকলৰ মাজত কোৰোনা ভাইৰাছৰ বাবে ল'ব লগা ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। কাৰ্যালয়টোত অত্যাৱশ্যকীয় সেৱাৰ নামত ৭৫ জন লোকে কাম কৰি আছে। কিন্তু নূন্যতম সা-সুবিধা প্ৰদান নকৰাৰ অভিযোগ কৰ্মচাৰীৰ। প্ৰশাসনক এইক্ষেত্ৰত চকু দিবলৈ আহ্বান কাৰ্যালয়টোত কৰ্মৰত একাংশ কৰ্মচাৰীৰ।

২৭ মাৰ্চ, দুপৰীয়া ১২.৪৯ বজাঃ ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭৪৭জনলৈ বৃদ্দি। মৃত্যু হৈছে এই পৰ্যন্ত ২০ জনৰ। এই ভাইৰাছত আক্ৰান্ত ৬৬জন লোক আৰোগ্য হৈছে।

২৭ মাৰ্চ, দুপৰীয়া ১২.৪৭ বজাঃ কোৰোনা ভাইৰাছত সমগ্ৰ বিশ্বত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৫,৩৩০১৫জন। এইপৰ্যন্ত মৃত্যু হৈছে ২৪,০৯৫ গৰাকী লোকৰ। সৰ্বাধিক ৮৫,৬০৪ জন লোক আক্ৰান্ত হৈছে আমেৰিকাত। ইটালীত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮,২১৫ জন।

২৭ মাৰ্চ, দুপৰীয়া ১২.১০ বজাঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট। সকলো লোকে লকডাউন মানি সোমাই থাকক ঘৰত। এয়া এক জটিল পৰিস্থিতি দেশজুৰি। প্ৰধানমন্ত্ৰীৰ আহ্বান পালন কৰিবলৈ ৰাজ্যবাসীক অনুৰোধ ৰাজ্যবাসীৰ।

২৭ মাৰ্চ, পুৱা ১১.০০ বজাঃ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক কামৰূপ মহানগৰৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জনালে, তৎকালে বলবৎ হোৱাকৈ সকলো পাচলিৰ দোকান বন্ধ কৰা হৈছে গুৱাহাটীত।

২৭ মাৰ্চ, পুৱা ১১.৪০ বজাঃ ঘৰৰ বাহিৰলৈ ওলাই আহিছে মহানগৰীৰ বহু মানুহ। প্ৰশাসনে পাচলিৰ লগতে মাছ-মাংসৰ দোকান খোলাক লৈ প্ৰতিক্ৰিয়া।

২৭ মাৰ্চ, পুৱা ১০.০০ বজাঃ মাছ-মাংসৰ দোকানো মহানগৰীত খোলা হৈছে। অভাৱনীয় ভিৰ এই দোকানসমূহৰ সন্মুখত।

২৭ মাৰ্চ, পুৱা ৯.০০ বজাঃ খুলি দিয়া হৈছে পাচলি দোকান। পাচলিৰ দোকানৰ সন্মুখত যথেষ্ট ভিৰ। অসাৰ হৈছে ৰাজ্যৰ লকডাউন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in