৬০০লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা, সমষ্টিবাসীক সম্বোধন মোডীৰ- মহাভাৰতৰ যুদ্ধ চলিছিল ১৮দিন, কোৰোনাৰে যুঁজিবলৈ লাগিব ২১ দিন…

৬০০লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা, সমষ্টিবাসীক সম্বোধন মোডীৰ- মহাভাৰতৰ যুদ্ধ চলিছিল ১৮দিন, কোৰোনাৰে যুঁজিবলৈ লাগিব ২১ দিন…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ভাৰতত সন্ধিয়া ৬.৪৫ বজালৈকে ৬০৬জন হৈছেগৈ। ইয়াৰে ৪৩জনে এই ভাইৰাছৰ সংক্ৰমণৰ পাছত সুস্থ হৈ উঠিছে আৰু ১০জনৰ ইতিমধ্যে মৃত্যু হৈছে। কোৰোনা ভাইৰাছত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।

ৰাজ্যখনত মুঠ ১২৮জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। তাৰ পাছতেই কেৰালাত ১০৯জন, কৰ্ণাটকত ৪১জন, গুজৰাটত ৩৮জন, উত্তৰপ্ৰদেশত ৩৭জন, ৰাজস্থানত ৩৬জন, তেলেংগানাত ৩৫জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।

ৰাজধানী দিল্লীত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বুধবাৰে ৩১লৈ বৃ্দ্ধি পায়। পঞ্জাৱত ২৯, হাৰিয়ানাত ২৮, তামিলনাডুত ১৮, মধ্যপ্ৰদেশত ১৪, লাডাখত ১৩, অন্ধ্ৰপ্ৰদেশত ৯, পশ্চিমবংগত ৯, ছণ্ডীগড়ত ৭, জম্মু-কাশ্মীৰত ৭জন লোক আক্ৰান্ত হৈ আছে।

বিহাৰ আৰু উত্তৰপ্ৰদেশত ৪জনকৈ লোক, হিমাচল প্ৰদেশথ ৩জন, ওড়িশ্যাত ১জন, পুডুচেৰীত ১জন লোক আক্ৰান্ত হৈছে। উত্তৰ-পূৰ্বাঞ্চলত এতিয়ালৈকে মণিপুৰ আৰু মিজুৰামত এজনকৈ মুঠ ২জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

মণিপুৰৰ যিগৰাকী যুৱতীৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছিল তেওঁ লণ্ডনৰ পৰা ঘৰলৈ উভতিছিল।লণ্ডনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা যুৱতীগৰাকীৰ সংস্পৰ্শলৈ অহা পৰিয়াল তথা আন কেইবাগৰাকীও ব্যক্তিৰ কোৰোনা ভাইৰাছৰ পৰীক্ষা কৰাৰ কথা আছিল বুধবাৰে।

সেই ফলাফল কি হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। মিজুৰামত স-পৰিয়ালে ইউৰোপ ভ্ৰমণলৈ যোৱা এজন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত লোকজনক আছুতীয়া চিকিৎসালয়ৰ কোঠাত চিকিৎসা কৰি থকা হৈছে।

ইয়াৰোপৰি ছত্তীশগড়ত এজন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত সমগ্ৰ দেশতেই এতিয়া লকডাউন ঘোষণা কৰা হৈছে। মঙলবাৰৰ নিশা ৮ বজাতদেশবাসীক সম্বোধন কৰি প্রধানমন্ত্ৰী মোডীয়ে ২৪ মাৰ্চৰ নিশা ১২ বজাৰ পৰা ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰিছিল।

ইফালে, বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪লাখ অতিক্ৰম কৰিছে। সৰ্বমুঠ ৪,৪০,৩২১জন লোক এই ভাইৰাছত সংক্ৰমিত হৈছে আৰু নিহত সংখ্যা ১৯,৭৭২হৈছেগৈ। কোৰোনা ভাইৰাছত আক্ৰান্ত সকলৰ ভিতৰত ৯৬ শতাংশৰ স্বাস্থ্য বৰ্তমানলৈকে কোনো চিন্তা কৰাৰ কাৰণ নাই যদিও ৪ শতাংশৰ স্বাস্থ্য অতি সংকটজনক।

এই ভাইৰাছত আক্ৰান্ত ১৫ শতাংশ লোকেই মৃত্যুক সাৱটিছে। ২৪ মাৰ্চত বিশ্বজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪,২২,৫৭৬জন আছিল। আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১৮,৮৭৪জন।

চীনত নতুনকৈ যোৱা ২৪ ঘণ্টাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে স্পেইনত ৪৪৩জন লোকৰ মৃত্যু হৈছে। আমেৰিকাত কোৰোনা ভাইৰাছৰ সংক্ৰমণ অধিক জটিল হৈ পৰিছে। ২৪ ঘণ্টাত দেশখনত কোৰোনা ভাইৰাছত নতুনকৈ আক্ৰান্ত হৈছে ১০ সহস্ৰাধিক লোক। মৃত্যু হৈছে ১৫০ৰো অধিক লোকৰ।

ইফালে, বিদেশৰ পৰা অহা আৰু ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকলে যাতে চিকিৎসা বিভাগ আৰু প্রশাসনে জাৰি কৰা হোম কোৱাৰেন্টাইন মানি চলে সেই সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক সতৰ্ক কৰি দিছে।

প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যত হোম কোৱাৰেন্টাইন মানি নচলাৰ বাবে ১৪৭টা গোচৰ ৰুজু কৰা হৈছে। ৰাজ্যখনৰ প্ৰধান সচিব জয়ন্তী ৰবিয়ে এই কথা সদৰী কৰিছে। পৰিস্থিতিৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ সমষ্টি বাৰানসীবাসীকে ভিডিঅ' কনফাৰেন্সযোগে সম্বোধন কৰে।

ইফালে, লকডাউনৰ সয়মচোৱাত আৰক্ষীয়ে চিকিৎসকক দুঃব্যৱহাৰ কৰাক লৈও মোডীয়ে ক্ষেপ ব্যক্ত কৰি কয় তেওঁলোক এতিয়া ভগৱানৰ সদৃশ। তেওঁলোকৰ সৈতে এনে কৰা অনুচিত। যিসকল আৰক্ষীয়ে এনে কাম কৰিছে তেওঁলোকৰ বিৰুুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে প্রধানমন্ত্ৰীয়ে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডায়ো কোৰোনা ভাইৰাছক লৈ সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ভিডিঅ' কনফাৰেন্সযোগে দলৰ কৰ্মকৰ্তাসকলৰ সৈতে এক বৈঠকত মিলিত হয়। সমষ্টিবাসীক সম্বোধন কৰি মোডীয়ে কয়- মহাভাৰতৰ যুদ্ধ পাণ্ডৱক কৌৰৱৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিবলৈ ১৮ দিনৰ সময় লাগিছিল আৰু ভাৰতক কোৰোনা ভাইৰাছৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিবলৈ ২১ দিন সময় প্ৰয়োজন হ'ব। তেওঁ দেশবাসীক সেয়ে এই ২১ দিন সংযম হৈ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকিবলৈও আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in