গুৱাহাটীৰ অলিয়ে-গলিয়ে কোৰোনা! মাজনিশা ২০৩গৰাকীৰ দেহত ধৰা পৰিল কোভিড-১৯

গুৱাহাটীৰ অলিয়ে-গলিয়ে কোৰোনা!  মাজনিশা ২০৩গৰাকীৰ দেহত ধৰা পৰিল কোভিড-১৯

ডিজিটেল ডেস্কঃ ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে। বিশেষকৈ গুৱাহাটী মহানগৰীত কোৰোনাত আক্ৰান্ত হোৱা সংখ্যাই শুকুৰবাৰে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে। গুৱাহাটীত শুকুৰবাৰৰ দিনটোত ২০৩গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা। বৰ্তমানলৈ এটা দিনত আক্ৰান্ত সংখ্যা এয়াই হৈছে সৰ্বাধিক।

ইফালে স্বাস্থ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, গুৱাহাটীৰ ২০৩গৰাকী নতুন আক্ৰান্তৰ সৈতে ৰাজ্যত শেহতীয়াকৈ ২৭৩গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা। কোৰোনাৰ বৰ্দ্ধিত সংখ্যালৈ চাই ৰাইজক অধিক সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। বৰ্তমান গুৱাহাটীত কোৰোনাত আক্ৰান্তৰ সংখ্যা হৈছে ৯৬৫গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in