ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা…

ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতেই এতিয়া ইন্টাৰনেটযোগে সকলো কাম অতি সহজ হৈ পৰিছে। বজাৰ-সমাৰৰ পৰা আৰম্ভ কৰি বাণিজ্য, শিক্ষা সকলো ক্ষেত্ৰতেই ইন্টাৰনেটৰ প্ৰভাৱ পৰিছে। অনলাইন যোগে বজাৰ কৰা, বেপাৰ-বাণিজ্য কৰা, শিক্ষা গ্ৰহণ কৰা সকলোবোৰ সহজ হৈ পৰিছে বৰ্তমানৰ সময়ত।

ভাৰতত কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি আছে। এই লকডাউনৰ ফলত সকলোৰে বহু অসুবিধা আৰু সমস্যা হৈছে। কিন্তু এই লকডাউনৰ বিশেষ প্ৰভাৱ পৰিছে শিক্ষাৰ্থীসকলৰ ওপৰত। এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বন্ধ ৰখা হৈছে বিদ্যালয়-মহাবিদ্যালয়, শিক্ষানুষ্ঠানসমূহ। যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত বিশেষ প্ৰভাৱ পৰা দেখা গৈছে।

এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে ই-লাৰ্ণিং অৰ্থাৎ অনলাইন যোগে শিক্ষাগ্ৰহণৰ বাবে ব্যৱস্থা লৈছে। শিক্ষকসকলক অনলাইনযোগে ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইনযোগে পাঠদানৰ ব্যৱস্থা কৰিবলৈ দিয়া হৈছে। লক্ষণীয় যে, এই লকডাউনৰ মাজতে লেহ লডাখৰ এজন কোৰোনাত আক্ৰান্ত শিক্ষকে কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই শিক্ষাৰ্থীসকলৰ বাবে অনলাইন ক্লাছ আৰম্ভ কৰিছে।

কিফায়ত হুছেইন নামৰ এই শিক্ষক গৰাকীয়ে কোৰোনাত আক্ৰান্ত হোৱাৰ বাবে সকলোৰে পৰা আঁতৰি থাকিব লগা হৈছে যদিও, তেওঁ নিজকে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আঁতৰত ৰাখিব পৰা নাই। শিক্ষাৰ্থীসকলৰ যাতে পঢ়া-শুনাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিয়েই তেওঁ কোৱাৰেন্টাইন চেন্টাৰতে অনলাইন পাঠদান আৰম্ভ কৰিছে।

কোৱাৰেন্টাইন চেন্টাৰত থাকিও তেওঁ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদানেৰে নিজৰ দায়িত্ব পালন কৰি গৈছে। কোৱাৰেন্টাইন চেন্টাৰটোত শিক্ষকগৰাকীয়ে এখন বগা বৰ্ড আঁৰি সন্মুখত ষ্টেণ্ডত লগাই লৈছে এটা ম'বাইল। আৰু বৰ্ডত গণিত শিকাবলৈ চেষ্টা কৰিছে শিক্ষাৰ্থীসকলক।

ইউটিউবযোগে নিজ নিজ বাসগৃহত থকা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ গণিতৰ গুৰুৰ এই অনলাইন ক্লাছৰ দ্বাৰা লকডাউনৰ সময়চোৱাত শিক্ষাৰ দিশত এনেদৰেই আগবাঢ়ি গৈছে। তদুপৰি zoom এপ যোগেও প্ৰতিদিনাই দিনৰ ২ বজাৰ পৰা ৩ বজালৈকে শিক্ষকগৰাকীয়ে পাঠদান কৰে।

এই সন্দৰ্ভত কিফায়তে কয় যে, 'শিক্ষকতা কৰাতো মোৰ বাবে কেৱল চাকৰি নহয়। মই পঢ়াই ভাল পাওঁ। কোৰোনাৰ বাবে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো বাধা সৃষ্টি হোৱাতো মই নিবিচাৰো। যদি মই এতিয়া নপঢ়াই ছাত্ৰ-ছাত্ৰীক সুস্থ হোৱাৰ পাছত পঢ়াবলৈ গ'লো হয় তেন্তে মোৰ বোজা বাঢ়ি গ'ল হেঁতেন। কোৰোনাত আক্ৰান্ত হোৱাৰ পাছতো মই ভাবিলো যে পঢ়াবলৈ মোৰ শৰীৰত শক্তি আছে।গতিকে এবাৰ চেষ্টা কৰি চাওঁ।'

উল্লেখ্য যে, কফিয়ত লামডোন মডেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক। তেওঁক ৩০ এপ্ৰিল, ২০২০ত কোৰোনা পৰীক্ষা কৰা হৈছিল। আৰু এই পৰীক্ষাৰ ফলাফলত তেওঁৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছিল। আৰু কোৱাৰেন্টাইন কৰাৰ পাছত তেওঁ লাডাখ প্রশাসনক অনলাইন পাঠদান কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ পাছতে প্ৰশাসনে ইয়াৰ বাবে অনুমতি প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in