নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰথমজন কোভিড-১৯ত আক্ৰান্ত ৰোগীক ভৰ্ত্তি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাৰ বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰ আৰু স্বগৃহত কোৱাৰেন্টাইন হৈ থকা বহিঃৰাজ্য ফেৰৎ মুঠ চাৰি গৰাকী লোক এতিয়ালৈকে ক'ভিড-১৯ত আক্ৰান্ত হৈছে।
কোৰোনা ভাইৰাছৰ আতংকৰ মাজতে শুকুৰবাৰেও জিলা খনৰ ধিঙৰ সুতাৰ গাঁৱৰ নাজিবুৰ ৰহমান (২২)নামৰ এজন যুৱক কোভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে।

চেন্নাইৰ পৰা উভটি অহা এই শ্ৰমিক যুৱকজন ৰেলেৰে অসমলৈ অহাৰ পাছত তেওঁক যোৱা ১৮ মে'ত বটদ্ৰৱাৰ শংকৰদেৱ মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰলৈ অনা হয়। ১৯মে'ত কোৱাৰেন্টাইন চেন্টাৰতে তেওঁৰ নমুুনা সংগ্ৰহ কৰি কোভিড পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল। শুকুৰবাৰে সন্ধিয়া তেওঁৰ নমুনাৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায় আৰু তেওঁ কোভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হয়।

ইফালে, শুকুৰবাৰে নিশাই নগাঁৱৰ স্বাস্থ্য বিভাগৰ লোক কোৱাৰেন্টাইন চেন্টাৰটোত উপস্থিত হৈ নাজিবুৰক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড ৰোগীৰ বাবে ব্যৱস্থা কৰা আছুতীয়া কক্ষত ভৰ্তি কৰোৱা হয়। নাজিবুৰ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্ৰথমজন ক'ভিড ১৯ ৰোগী।

স্মৰ্তব্য যে, যোৱা ১৮মে'তো জিলা খনৰ জুৰীয়াৰ কদমণি টাউন হাইস্কুলৰ কোৱাৰেন্টাইন চেন্টাৰত থকা নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ছোট ৰূপহীৰ আজিজুল হক (২০)ৰ নমুনাত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছিল । যোৱা ১৯মে'ত চহৰ খনৰ আমোলাপট্টিৰ হিমাশ্ৰী বৰাৰ লগতে হয়বৰগাঁও শান্তিপুৰৰ শংকিত ঘোষৰ নমুনাত কোভিড-১৯ ধৰা পৰিছিল। অৱশ্যে এওঁলোক আটায়ে বহিঃৰাজ্য ফেৰৎ। এওঁলোক সম্প্ৰতি গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ আছে।

আনহাতে, বহিঃ ৰাজ্যৰ পৰা উভটি আহি গুৱাহাটীৰ সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন হৈ থকা জিলা খনৰ বিভিন্ন ঠাইৰ মুঠ আঠ জন লোকৰ দেহতো কোভিড-১৯ থকাটো নিশ্চিত হৈছে।শনিবাৰেও গুৱাহাটীৰ সমীপৰ আজাৰা এখন হোটেলৰ কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন হৈ থকা বহিঃ ৰাজ্যৰ পৰা উভটি অহা নগাঁৱৰ এজন যুৱকৰ নমূণাত কোভিড-১৯ পজিটিভ ওলাইছে। যুৱকজনৰ নাম জুৱেৰ হুছেইন (২৩)। তেওঁৰ ঘৰ ৰূপহীত। তেওঁ চেন্নাইৰ পৰা উভটি আহিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in