২০ বছৰলৈকে কৰোনা থাকিব পাৰে, সেইবুলি নিৰ্বাচন নাপাতিব নেকি- হাগ্ৰামা

২০ বছৰলৈকে কৰোনা থাকিব পাৰে, সেইবুলি নিৰ্বাচন নাপাতিব নেকি- হাগ্ৰামা

ডিজেটেল সংবাদ,কোকৰাঝাৰ : ছয়মহীয়া ৰাজ্যপালৰ শাসনৰ ম্যাদ অন্ত পৰাৰ পূৰ্বেই অৰ্থাৎ অহা ২৭ অক্টোবৰৰ পূৰ্বেই বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰক । অহা এক বছৰ , দহবছৰ বা বিছ বছৰলৈকে কৰোনা থাকিব পাৰে , কৰোনা বেমাৰটো শেষ হৈ নাযায় । কৰোনা বেমাৰৰ বাবেই যে নিৰ্বাচন অনুষ্ঠিত নহব তাৰ কোনো যুক্তি কোনো যুক্তি নাই । প্ৰতিৰোধমুলক ব্যৱস্থা গ্ৰহণ কৰি হলেও বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব । এই দাবী উত্থাপন কৰিছে বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।


বুধবাৰে কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ উল্টাপানীত অৰ্থাৎ নিজ গৃহ সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত উক্ত মন্তব্য প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে । ৰাজ্যপাল শাসনৰ অন্ত পৰাৰ পূৰ্বেই অৰ্থাৎ ২৭ অক্টোবৰৰ পূৰ্বেই বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰি হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যপাল শাসনৰ সময়ছোৱাত বিটিটিৰ উন্নয়ন স্তব্ধ হৈ পৰিছে আৰু কোনো কাম হোৱা নাই বুলি উল্লেখ কৰে। ৰাজ্যপাল শাসনৰ ম্যাদ পুণৰাই ছমাহৰ বাবে বৃদ্ধি হলে বিটিচি শেষ হৈ যাব বুলিও মহিলাৰীয়ে মন্তব্য কৰে ।

হাগ্ৰামাই নিজেই দুই এদিনতে মুখ্যমন্ত্ৰীক লগ ধৰি বিটিচিৰ নিৰ্বাচন সন্দৰ্ভত আলোচনাত মিলিত হব বুলি মন্তব্য কৰি মহিলাৰীয়ে কৰোনাৰ মাজতে আমেৰিকাত নিৰ্বাচনৰ যো জা চলিছে আৰু ভাৰতৰ মহাৰাষ্ট্ৰ , বিহাৰ , পশ্চিমবংগত নিৰ্বাচন অনুষ্ঠিত হব বুলি বুলি মন্তব্য কৰি কৰোনাৰ সাৱধানমুলক ব্যৱস্থা গ্ৰহণ কৰি হলেও বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে । ৰাজ্যপাল শাসনৰ ম্যাদ বৃদ্ধিকৰণৰ ঘোৰ বিৰোধিতা কৰি মহিলাৰীয়ে কৰোনাৰ দোহাই দি নিৰ্বাচন অনুষ্ঠিত নকৰা কাৰ্যক গৰিহণা দিয়ে ।

আনহাতে বিটিআৰ চুক্তি ৰূপায়ন সন্দৰ্ভত প্ৰমোদ বড়োহে জানিব বুলি উল্লেখ কৰি এনডিএফবি সকলৰ আত্মসংস্থাপনৰ বাবে প্ৰমোদ বড়োই এবাৰো মাত মতা নাই বুলি মহিলাৰীয়ে মন্তব্য কৰিছে । বিটিআৰ চুক্তিৰ বাবে ৰঞ্জন দৈমাৰীক মাথো কেইদিনমানৰ বাবে জেলৰ বাহিৰলৈ উলিয়াই আনি এতিয়া আকৌ জেলত ভৰাই থোৱাটো ৰাইজে ভাল পোৱা নাই বুলি উল্লেখ কৰিছে মহিলাৰীয়ে । উল্লেখ্যে যে আজি বড়ো সাহিত্য , আবৌফ , বড়ো সমাজ আৰু পিডিএমবিকে ধৰি কেবাটাও সংগঠনে বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু উক্ত দলসমুহলৈ মহিলাৰীয়ে ধন্যবাদ জ্ঞাপন কৰে ।


প্ৰণিধানযোগ্য যে কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তবৰ্তী উল্টাপানীত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত আজি কেবাশতাধিক ব্যাক্তিয়ে বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । সভাত হাগ্ৰামা মহিলাৰীয়ে বিপিএফ দলৰ স্থিতি অতি মজবুত আৰু বিপিএফ দলেই বিটিচিত চৰকাৰ গঠন কৰিব বুলি স্পষ্ট কৰি দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in