ভাৰতত কোৰোনা অন্তিম পৰ্যায়তঃ তৃতীয় ঢৌৰ কোনো স্পষ্ট ভৱিষ্যত বাণী নাই…

ভাৰতত কোৰোনা অন্তিম পৰ্যায়তঃ তৃতীয় ঢৌৰ কোনো স্পষ্ট ভৱিষ্যত বাণী নাই…

ডিজিটেল ডেস্কঃ যিসময়ত দেশত কোৰোনাৰ তৃতীয় ঢৌৰ আগমনৰ কথা কোৱ হৈছে, তৃতীয় ঢৌৰ বিষয়টোক কেন্দ্ৰ কৰি চৰ্চা চলিছে তাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ এক বিপৰীত ভাষ্য প্ৰকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ড০ সৌম্য স্বামীনাথনৰ মতে, ভাৰতত কোভিড-১৯ এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। কোভিডৰ সংক্ৰমণৰ হাৰ আগৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে।কাৰিকৰীভাৱে, মহামাৰীৰ অন্তিম পৰ্যায়ৰ অৰ্থ হৈছে মহামাৰী কম লোক বা এক নিৰ্দিষ্ট এলেকাত সীমাবদ্ধ। একে সময়তে, ভাইৰাছটো দুৰ্বল হৈ পৰে। ইয়াৰ উপৰিও, মানুহেও এই ৰোগৰ সৈতে জীয়াই থাকিবলৈ শিকে। ভাৰতত দ্বিতীয় ঢৌৰ পিছত কৰোনাৰ ঘটনা দ্ৰুতভাৱে হ্ৰাস পাইছে।

ইফালে ভাৰতত নিৰ্মাণ কৰা কোৰোনাৰ প্ৰতিশেধক কভাক্সিনক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ বিষয়টোত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানীগৰাকীয়ে কয় যে, মই নিশ্চিত যে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰিকৰী দলটো ইয়াত সন্তুষ্ট হ'ব আৰু ই শীঘ্ৰেই বা ছেপ্টেম্বৰৰ মাজভাগলৈ কভাক্সিন কৰ্তৃত্বপ্ৰাপ্ত ভেকছিনৰ স্থিতি লাভ কৰিব।

এক সাক্ষাৎকাৰৰ সময়ত, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনে কৈছে যে ভাৰতৰ আকাৰ, জনসংখ্যা আৰু ৰোগ প্ৰতিৰোধৰ স্থিতিৰ পৰিপ্ৰেক্ষিতত, এইটো ক'ব পাৰি যে সংক্ৰমণ কম-বেছি হৈ থাকিব। সেয়েহে, আমি বিশ্বাস কৰোঁ যে ভাৰতে অন্তিম পৰ্যায়ত উপনীত হৈছে। এতিয়া এনেকুৱা নহয় যে পৰিস্থিতি কেইমাহমান আগৰ দৰে একে। হয়, যিবোৰ ক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয় ঢৌৰ সময়ত সংক্ৰমণ কম আছিল বা য'ত সংক্ৰমণৰ স্তৰ কম আছিল, বা ভেকছিনৰ আৱৰণ কম আছিল তেনে ঠাইত অনাগত দিনবোৰত সংক্ৰমণ বৃদ্ধি হ'ব পাৰে।

সৌম্যই কয়, আমি আশা কৰোঁ যে ২০২২ চনৰ শেষৰ ফালে, আমি মুঠ জনসংখ্যাৰ ৭০ শতাংশ লোকক ভেকছিন প্ৰদান কৰিম। আনহাতে শিশুসকলক কোভিডৰ সংক্ৰমণৰ সন্দৰ্ভত তেওঁ কয়, অভিভাৱকসকলে ভয় কৰাৰ প্ৰয়োজন নাই। তেওঁলোকৰ অধিক মৃদু লক্ষণ থাকিব। এতিয়ালৈকে, তেওঁলোক এই ৰোগৰ দ্বাৰা কম প্ৰভাৱিত হৈছে আৰু আমি কৰা জৰীপবোৰে একেটা কথা প্ৰকাশ কৰিছে। খুব কম শিশুৰ গুৰুতৰ লক্ষণ ধৰা পৰিছে। তথাপিও, আমি প্ৰস্তুতি বোৰ সম্পূৰ্ণৰূপে ৰাখিব লাগে। চিকিৎসালয়সমূহত সঠিক ব্যৱস্থা কৰিব লাগে।অৱশ্যে এনেকুৱা এটা পৰ্যায় নহ'য় যে হাজাৰ হাজাৰ শিশুক আই চি ইউলৈ লৈ যাব লাগিব।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ড০ সৌম্য স্বামীনাথন কোৰোনাৰ তৃতীয় ঢৌৰ আশংকা সন্দৰ্ভত স্পষ্টকৈ উল্লেখ কৰিছে যে ইয়াৰ বিষয়ে কোনো ভৱিষ্যতবাণী নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in