মহাৰাষ্ট্ৰত ২৪ ঘন্টাত ৭৮২৭ জনৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ২.৫ লক্ষাধিকলৈ বৃদ্ধি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেশত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। এই ভাইৰাছে সমগ্ৰ দেশতেই মহামাৰী ৰূপ ধাৰণ কৰিছে। ৪.৪৯ লাখৰো অধিক লোক বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত মৃত্যু হৈছে ২২,৬৭৪জন লোকৰ।  

লক্ষণীয় যে, ভাৰতৰ ভিতৰত কোভিড-১৯ৰ সংক্ৰমণ সৰ্বাধিক বিয়পিছে মহাৰাষ্ট্ৰত। আঢ়ৈ লাখৰো অধিক লোক ৰাজ্যখনত আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। মহাৰাষ্ট্ৰত যোৱা মাত্ৰ ২৪ঘন্টাত নতুনকৈ ৭৮২৭জন লোকৰ দেহত ধৰা পৰিছে এই ভয়ংকৰ ভাইৰাছৰ উপস্থিতি। যাৰ পাছত ৰাজ্যখনত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২,৫৪,৪২৭জনলৈ বৃদ্ধি পাইছে।

ইফালে, এই সময়চোৱাত কোভিড-১৯ত আক্ৰান্ত হোৱা ১৭৩জন লোকে মহাৰাষ্ট্ৰত হেৰুৱাইছে প্ৰাণ। আৰু কেৱল এই ৰাজ্যখনতে বৰ্তমানলৈ ১০,২৮৯জনলৈ বৃদ্ধি পালে মৃত্যু হোৱা লোকৰ সংখ্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in