ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৫,৪৮,৬৬৯ জন লোক, ১৬,৪৮৭গৰাকীৰ হৈছে মৃত্যু…

ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৫,৪৮,৬৬৯ জন লোক, ১৬,৪৮৭গৰাকীৰ হৈছে মৃত্যু…

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৫,৪৮,৬৬৯ জনলৈ বৃদ্ধি। কেৱল বিগত ২৪ ঘন্টাতে কোৰোনাত আক্ৰান্ত হৈছে ১৯,৪৫৯ জন লোক। আনহাতে এই সময়চোৱাত মৃত্যু হ'ল ৩৮০ জন লোকৰ।

দিন বাগৰি অহাৰ লগে লগে দেশত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বাঢ়ি আহিছে। প্ৰতিদিনে নিৰ্দিষ্ট সময়ৰ ওপৰত নিৰ্ভৰ কৰি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা আক্ৰান্ত লোকৰ সংখ্যাৰ তালিত বৃদ্ধি পাই আহিছে আক্ৰান্তৰ সংখ্যা।

ভাৰতত এতিয়ালৈকে কোৰোনাৰ পৰা আৰোগ্য হৈছে ৩,২১,৭৭৪ জন লোক। এতিয়া চিকিৎসাধীন হৈ আছে ২,১০,৩৫২ জন লোক। ভাৰতত কোৰোনাৰ ফলত মৃত্যু হৈছে ১৬,৪৮৭জন লোকৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in