শেহতীয়া খবৰ
আমাৰ নহয়, অসম হ’ব নবীন সিংহালৰ!  •  লকডাউনত ৰাইজ লাউলোৱা! কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী-নেতাৰ হোটেল ক্ৰয় কৰিবলৈ বিজেপি নেতাই লগাইছে হেতাওপৰা...  •  ব্ৰহ্মপুত্ৰৰ বুকুত একাংশ আৰক্ষী বিষয়াৰ নৈশ ভোজৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল...  •  ব্ৰহ্মপুত্ৰৰ বুকুত একাংশ আৰক্ষী বিষয়াৰ নৈশ ভোজৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল...  •  মুখ্যমন্ত্ৰী সোণোৱালৰ লগত থকা ৩ এনএছচি কমাণ্ডসহ ১০জনৰ দেহত কোভিড-১৯...  •  এইবাৰ কামৰূপ (মেট্ৰ’)ৰ পৰা দৰঙলৈ নিষিদ্ধ হ’ল প্ৰৱেশ...  •  কঠিয়াতলীত চৰকাৰৰ ভূমি নীতিৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ...  •  অখিল গগৈৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনাৰে শিমলুগুৰিত প্ৰাৰ্থনা...  •  অখিল গগৈসহ সকলো ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ মুক্তিৰ দাবীত যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী...  •  নীৰৱ মোডীৰ ৩২৯.৬৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ই ডিয়ে...

কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা…

3,097

ডিজিটেল ডেস্কঃ ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দেওবাৰৰ নিশা ১২ বজালৈ ১,৩৮,৫৩৬জনলৈ বৃদ্ধি পাইছে। প্ৰতিদিনাই দেশত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিচে। কিন্তু লক্ষণীয় যে, ভাৰতত দেওবাৰৰ দিনটোত কোভিড-১৯ত আক্ৰান্ত হৈছে ৭,১১১জনকৈ লোক।

দেশত দেওবাৰেই সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ইফালে, ভাৰত বৰ্তমানলৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ ৪,০২৪জন লোকে হেৰুৱাইছে প্ৰাণ। উল্লেখ্য যে, দেওবাৰৰ দিনটোত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১৫৬জনকৈ লোকৰ।

আনহাতে, ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ৫৭,৬৯২জনলৈ বৃদ্ধি পাইছে যদিও, বৰ্তমানেও ৭৬,৮১১জন ৰোগী চিকিৎসাধীন হৈয়ে আছে। লক্ষণীয় যে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত বৰ্তমান সময়লৈকে ৫০,২৩১জন লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৬৩৫জনৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি